Wednesday, March 11, 2026
Homeঅসমচৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ

চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ

ডিজিটেল ডেস্ক, ২৬জুলাই: অসমৰ বাবে এক ঐতিহাসিক দিন। চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি। আনুষ্ঠানিকভাৱে ইউনেস্ক’ই প্ৰদান কৰিলে এই স্বীকৃতি। ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম।

কাজিৰঙা, মানাহৰ পিছত চৰাইদেউ মৈদামে পালে এই বিৰল স্বীকৃতি। অসমৰ তৃতীয় আৰু ভাৰতৰ ৪৩সংখ্যক ঐতিহ্যক্ষেত্ৰ ৰূপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম।

বৃহস্পতিবাৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ছচিয়েল মিডিয়াযোগে অসমবাসীক জনাইছিল। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছিল, চৰাইদেউ মৈদামলৈ ইউনেস্ক’ৰ স্বীকৃতি অসমৰ জনসাধাৰণৰ বাবে এক মাইলৰ খুটি হ’ব। আমি আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিছো। এই স্মৰণীয় মুহূৰ্ত প্ৰত্যক্ষ কৰিবলৈ আমি একত্ৰিত হওঁ আহক, একেলগে উদযাপন কৰো আহক আমাৰ সমৃদ্ধ ঐতিহ্য আৰু গৌৰৱ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments