Wednesday, July 9, 2025
Homeক্ৰীড়াপেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁইৰ

পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁইৰ

ডিজিটেল ডেস্ক, ৩অক্টোবৰ: পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁইৰ। এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰি উৎফুল্লিত অসম কন্যা।

ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিক খেলিব অসম গৌৰৱ লাভলীনা বৰগোহাঁয়ে। চীনৰ হাংঝু চহৰত চলি থকা এছিয়ান গেমছৰ মহিলা বক্সিঙৰ ফাইনেলত স্থান সুৰক্ষিত কৰি তাৰকা বক্সাৰগৰাকীয়ে ২০২৪ৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়েৰে গোলাঘাটৰ জীয়ৰী লাভলীনাই সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিছিল। 
ছেমিফাইনেলত তেওঁ থাইলেণ্ডৰ বেইছন মানিকনৰ বিৰুদ্ধে ৫-০ৰ ব্যৱধানত জয় সাব্যস্ত কৰে। এই চমকপ্ৰদ জয়েৰে লাভলীনাই মহিলা বক্সিঙৰ ৭৫ কেজি ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰে অতি কমেও ৰূপৰ পদক জয় সুনিশ্চিত কৰিছে। বুধবাৰে তেওঁ এছিয়ান গেমছত সোণৰ পদক জয়ৰ লক্ষ্যৰে পুনৰ ৰিঙত নামিব।
লাভলীনাৰ লগতে এতিয়ালৈকে ভাৰতীয় বক্সাৰ নিখাত জাৰীন, প্ৰীতি আৰু পাৰবীন হুদাই পেৰিছ অলিম্পিকৰ বাবে কোটা লাভ কৰিবলৈ সক্ষম হৈছে।

 

লাভলীনাই ফাইনেলত প্ৰৱেশৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাই ‘এক্স’ত (টুইটাৰ)  লিখিছে যে পাৱাৰ পাঞ্চ! অসম কন্যা লভলিনা বৰগোহাঁইৰ কি অভূতপূৰ্ব প্ৰদৰ্শন, তেওঁ থাইলেণ্ডৰ মানেকনক ৫-০ ব্যৱধানত পৰাস্ত কৰি এছিয়ান গেমছৰ মহিলা বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাত ফাইনেলত প্ৰৱেশ কৰে৷ ইয়াৰ লগে লগেতেওঁ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। আমি সঁচাকৈয়ে গৌৰৱান্বিত। এই ধাৰা অব্যাহত ৰাখক!”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments