ডিজিটেল ডেস্ক,২৯ ছেপ্তেম্বৰ: পাকিস্তানৰ মছজিদৰ সমীপত বোমা বিস্ফোৰণৰ ফলত ৫২ জন নিহত, ১৩০ জনতকৈ অধিক আহত ।হজৰত মহম্মদৰ জন্ম বাৰ্ষিকী উপলক্ষে ঈদ মিলাদুন নবী উপলক্ষে লোক সমবেত হোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।মষ্টুঙৰ উপ-আৰক্ষী অধীক্ষক নৱাজ গছকোৰীও নিহত হয় বিস্ফোৰণ টোত(At Least 47 Dead in Bombing of Pakistan Religious Rally)।
চিটি ষ্টেচন হাউছৰ বিষয়া মহম্মদ জাভেদ লেহৰীয়ে কয় যে এই বিস্ফোৰণটো “আত্মঘাতী বিস্ফোৰণ” আৰু বিস্ফোৰিত বোমাটো ডি এছ পিৰ গাড়ীৰ কাষতে আছিল ।আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে যদিও চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে ।খবৰ অনুসৰি শ্বহীদ নবাব ঘৌছ বখছ ৰাইছানী মেম’ৰিয়েল হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ ছাইদ মিৰৱানীৰ উদ্ধৃতিৰে প্ৰকাশ কৰে বিস্ফোৰণত কমেও ৫২ জন লোক নিহত হোৱাৰ লগতে ১৩০ জনতকৈ অধিক লোক আহত হয়।
অন্তৱৰ্তীকালীন তথ্য মন্ত্ৰী জান আচাকজাইয়ে কয় যে মাষ্টুঙলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে কয় যে গুৰুতৰভাৱে আহত লোকসকলক কুৱেটালৈ বদলি কৰা হৈছে আৰু সকলো চিকিৎসালয়তে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে।আচাকজাই কয়, ‘শত্ৰুপক্ষই বিদেশী আশীৰ্বাদেৰে বেলুচিস্তানত ধৰ্মীয় সহনশীলতা আৰু শান্তি ধ্বংস কৰিব বিচাৰি এনে ঘটনা সংঘটিত কৰে ।
“বিস্ফোৰণটো এতি ভয়ংকৰ আছিল বুলি জানিব পৰা গৈছে ।” তেওঁ আৰু কয় যে কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী আলী মাৰ্ডান ডমকিয়ে বিস্ফোৰণৰ বাবে দায়ীসকলক গ্ৰেপ্তাৰ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছে।ইফালে অন্তৱৰ্তীকালীন স্বৰাজ মন্ত্ৰী সৰফৰাজ আহমেদ বুগটিয়ে এই বিস্ফোৰণক তীব্ৰ গৰিহণা দিয়ে।