Tuesday, March 10, 2026
Homeঅসম'আটাছুৰ কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহয় : ৰজাঘৰক আটাছুয়ে স্পষ্টভাৱে জনাই দিলোঁ'

‘আটাছুৰ কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহয় : ৰজাঘৰক আটাছুয়ে স্পষ্টভাৱে জনাই দিলোঁ’

তাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত অসম বিধানসভাৰ প্ৰবেশদ্বাৰৰ সন্মুখত “দিছ্পুৰ ঘেৰাও” কাৰ্যসূচী ৰূপায়ন কৰা আটাছুৰ সভাপতি  মিলন বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক ক্ৰমে ভাস্কৰ জ্যোতি বৰগোহাঁইৰ লগতে চাৰি শতাধিক আটাছু কৰ্মীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান পৰ্যন্ত মুক্তি দিয়া নাই ।

অনতিপলমে প্ৰতিজন কৰ্মীক বিনাচৰ্তে মুক্তি দিবলৈ আহ্বান আটাছুৰ নেতৃত্বৰ । অন্যথা আজি নিশা পৰাই সমগ্ৰ জিলা সমূহত প্ৰতিবাদ আৰম্ভ কৰা হব বুলি হুংকাৰ প্ৰদান কৰিছে । চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদক ভেটা দি আটাছুৰ কণ্ঠ ৰুদ্ধ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক । বৰ্তমান গ্ৰেপ্তাৰ কৰা কৰ্মী সকলক কাহিলীপাৰাস্থিত দশম আৰক্ষী বেটেলিয়ানৰ মুখ্য কাৰ্যলয়ত ৰখা হৈছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments