Tuesday, March 10, 2026
Homeঅসমগেলাপুখুৰী চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

গেলাপুখুৰী চাহ বাগিচাত আটছাৰ ধৰ্ণা কাৰ্যসূচী

তিনিচুকীয়া জিলাৰ গেলাপুখুৰী চাহ বাগিচাত চাহ শ্ৰমিকৰ বিভিন্ন জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গটং উপ-শাখা সমিতিৰ উদ্যোগত আৰু গেলাপুখুৰী প্ৰাথমিক গোটৰ সহযোগত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়।
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীৰ লগতে বাগিচাত বিদ্যমান একাধিক সমস্যাৰ সমাধানৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে বাগিচা কৰ্তৃপক্ষলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।
স্মাৰক-পত্ৰত উত্থাপন কৰা দাবীসমূহৰ ভিতৰত উল্লেখযোগ্য—
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা
চাহ শ্ৰমিকৰ ওপৰত চলি থকা ব্ৰিটিছ আমোলৰ শোষণমূলক নীতি সম্পূৰ্ণৰূপে বন্ধ কৰা
বাগিচাৰ চিকিৎসালয়ত সকলো প্ৰয়োজনীয় ঔষধ-পত্ৰ আৰু চিকিৎসা সামগ্ৰীৰ যোগান নিশ্চিত কৰা
গেলাপুখুৰী চাহ বাগিচাৰ ১ নং আৰু ২ নং প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণৰূপে মেৰামতি কৰা
বাগিচাত স্থানীয় নিবনুৱা শিক্ষিত যুৱক-যুৱতীক নিযুক্তিৰ ব্যৱস্থা কৰা
ধৰ্ণাত অংশগ্ৰহণ কৰা আটছাৰ নেতৃত্বই দাবীসমূহ শীঘ্ৰে মানি নল’লে আগন্তুক দিনত অধিক তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments