ডিজিটেল ডেস্ক, anews24x7: যদি আপোনাৰো সপোন আছে আৰু আপুনি ইয়াক বাস্তৱায়িত কৰাৰ সম্পূৰ্ণ সংকল্প ৰাখে তেন্তে আপোনাৰ পথত একোৱেই আহিব নোৱাৰে। ইয়াৰেই উৎকৃষ্ট উদাহৰণ হ’ল তাপসী উপাধ্যায়ৰ কাহিনী। ২১ বছৰীয়া যুৱতীগৰাকী বি.টেক পানীপুৰীৱালী নামেৰে জনপ্ৰিয়।
‘‘আৰ ইউ হাংগৰি’’ নামৰ এটা ইনষ্টাগ্ৰাম পৃষ্ঠাৰ দ্বাৰা পোষ্ট কৰা এটা ভাইৰেল ভিডিঅ’ত তাপসীক পানীপুৰী দোকানৰ সৈতে সংলগ্ন ৰয়েল এনফিল্ড মটৰচাইকেল চলোৱা দেখা যায়। তাপসীৰ মতে বয়স এটা সংখ্যাহে মাত্ৰ। এই যুৱ উদ্যোগী গৰাকীৰ ফুচকা দোকান দিল্লীৰ তিলক নগৰত অৱস্থিত।
তাপসীৰ লক্ষ্য হৈছে জনসাধাৰণক স্বাস্থ্যকৰ ভাৰতীয় পথৰ খাদ্য পৰিৱেশন কৰা। ভাইৰেল ভিডিঅ’টোত তাপসীয়ে এয়াৰ ফ্ৰাই কৰা পানীপুৰী; ইমলি, খেজুৰ আৰু গুড়েৰে তৈয়াৰ কৰা মচলা আৰু চাটনিৰে ঘৰত বনোৱা পানী দেখুৱাইছিল।
এতিয়ালৈকে, ভিডিঅ’টো পাঁচ নিযুততকৈ অধিক দৰ্শকে চাইছে৷ তাপসীয়ে বি.টেকত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছতেই এই ব্যৱসায় আৰম্ভ কৰিছিল।