ডিজিটেল ডেস্ক, ANEWS24X7: অভিযোগপত্ৰ দাখিলৰ ক্ষেত্ৰত এটা বিশেষ আৰু শক্তিশালী গোচৰ তৈয়াৰ কৰা হয় তেন্তে এজন অভিযুক্তক প্ৰদান কৰা দিফল্ট জামিন বাতিল কৰিব পাৰি ৷
সোমবাৰে এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে ৷ সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীষ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে কয় যে ,‘‘ জামিন কেৱল তেতিয়াহে বাতিল কৰিব পাৰি যদি অভিযোগবোৰ এটা শক্তিশালী গোচৰত গঠন কৰা হয় ৷ কেৱল অভিযোগপত্ৰ দাখিল কৰাৰ ফলত জামিন বাতিল কৰা নহ’ব যেতিয়ালৈকে আদালত সন্তুষ্ট নহয় যে অভিযুক্তজনে জামিন অযোগ্য অপৰাধ কৰিছে বুলি এটা শক্তিশালী গোচৰ তৈয়াৰ কৰা হৈছে ৷’’
বিচাৰপীঠে লগতে কয় যে ,‘‘ এজন অভিযুক্তক প্ৰদান কৰা জামিন যোগ্যতাৰ ভিত্তিত বাতিল কৰিব পাৰি ৷ যদি অভবিযোগপত্ৰ দাখিলৰ ক্ষেত্ৰত এক বিশেষ আৰু শক্তিশালী ভিত্তি প্ৰস্তুত কৰা হয় আৰু আদালতক জামিন বাতিলৰ আবেদন বিবেচনা কৰাত বাধা দিয়া নহয় ৷’’
অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ৱাই এছ বিবেকানন্দ ৰেড্ডীৰ হত্যা গোচৰকলৈ এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে ৷ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ৱাই এছ বিবেকানন্দ ৰেড্ডীৰ হত্যা সন্দৰ্ভত এৰা গঙ্গি ৰেড্ডীক জামিন বাতিল কৰাৰ চিবিআইৰ আবেদনৰ গুণাগুণৰ ওপৰত বিবেচনা কৰিবলৈ তেলেংগানা উচ্চ ন্যায়ালয়ক নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷