Monday, July 7, 2025
Homeঅসমজামিন মঞ্জুৰ ভিক্টৰ দাসৰ

জামিন মঞ্জুৰ ভিক্টৰ দাসৰ

ডিজিটেল ডেস্ক, ANEWS24X7: জামিন লাভ কৰিলে নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা যুৱক ভিক্টৰ দাস ৷ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিত টকাৰ লেন দেনৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে। শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে অন্তৱৰ্তীকালীন জামিন ৷

ভিক্টৰৰ হৈ অধিবক্তা অংশুমান বৰাই দৰ্শাইছিল যুক্তি। উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসক ২৯ ছেপ্টেম্বলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে ৷ আনহাতে অহা ২৯ ছেপ্টেম্বৰৰ ভিতৰত আৰক্ষীক কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে আদালতে ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছিল ভিক্টৰ দাসক ৷ ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ পিছতে সৰ্বত্ৰে মুক্তিৰ দাবী উত্থাপন হৈছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments