Sunday, July 6, 2025
Homeঅৰ্থনীতিৰামকৃষ্ণ মিছনলৈ ৪ কোটি টকাৰ চিএছআৰ সাহায্য বন্ধন বেংকৰ

ৰামকৃষ্ণ মিছনলৈ ৪ কোটি টকাৰ চিএছআৰ সাহায্য বন্ধন বেংকৰ

গুৱাহাটী, ১১এপ্ৰিল: বন্ধন বেংকে কৰ্পৰেট সামাজিক দায়বদ্ধতা(চি এছ আৰ)ৰ অংশ হিচাপে ৰামকৃষ্ণ মিছনলৈ ৪ কোটি টকাৰ বৰঙণি আগবঢ়াইছে, এই ধনৰাশি ৰামকৃষ্ণ মিছন চেণ্টাৰ ফৰ হিউমেন এক্সেলেন্স এণ্ড ছ’চিয়েল ছায়েন্স (বিবেকা তীৰ্থ) নিৰ্মাণৰ সহায়ৰ বাবে আগবঢ়োৱা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে দক্ষতা বিকাশ আৰু শিক্ষাক প্ৰসাৰিত কৰা, বেংকৰ সামাজিক উত্থানৰ প্ৰতি দায়বদ্ধতাক অধিক শক্তিশালী কৰা। বিবেকা তীৰ্থই শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে এক কেন্দ্ৰ হিচাপে কাম কৰিব, ব্যক্তিগত আৰু পেছাদাৰী বৃদ্ধিৰ বাবে অপৰিহাৰ্য জ্ঞান আৰু সামৰ্থ্যৰে ব্যক্তিসকলক সবলীকৰণ কৰিব।


বন্ধন বেংকৰ এমডি তথা চিইঅ’ পাৰ্থ প্ৰতিম সেনগুপ্তাই বেলুৰ মঠত আজি ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সাধাৰণ সম্পাদক স্বামী সুবিৰানন্দক চেকখন অৰ্পণ কৰে। এই অনুষ্ঠানত মঠৰ অন্যান্য জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু বন্ধন বেংকৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

বন্ধন বেংকৰ এমডি আৰু চিইঅ’ পাৰ্থ প্ৰতিম সেনগুপ্তাই এই বিষয়ে সদৰি কৰি কয় যে,” শিক্ষা আৰু দক্ষতা বিকাশ হৈছে এখন ৰাষ্ট্ৰ নিৰ্মাণৰ মূল স্তম্ভ আৰু আমি মানুহক সজাগ কৰিবলৈ, বিকাশ কৰিবলৈ আৰু সমাজলৈ অৰ্থপূৰ্ণ অৰিহণা যোগাবলৈ সুযোগ সৃষ্টি কৰাটো অতি জৰুৰী। দশক দশক ধৰি ৰামকৃষ্ণ মিছনে মূল্যবোধৰ শিক্ষা প্ৰদান আৰু ব্যক্তিৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। এই মহৎ পদক্ষেপলৈ সমৰ্থন আগবঢ়াবলৈ পাই আমি গৌৰৱান্বিত।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments