Sunday, July 6, 2025
Homeঅৰ্থনীতিবন্ধন বেংকক ‘অসম ৰাইজিং চি এছ আৰ বঁটা ২০২৪-২৫’ৰে সন্মানিত

বন্ধন বেংকক ‘অসম ৰাইজিং চি এছ আৰ বঁটা ২০২৪-২৫’ৰে সন্মানিত

গুৱাহাটী, ১৮মাৰ্চ, ২০২৫: অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বন্ধন বেংকক ২০২৪-২৫ বৰ্ষৰ “অসম ৰাইজিং চি এছ আৰ বঁটা”ৰে সন্মানিত কৰা হয়। সমগ্ৰ অসমতে কৰ্পৰেট সামাজিক দায়বদ্ধতা (চি এছ আৰ) পদক্ষেপত বেংকৰ ব্যতিক্ৰমী অৱদানক এই বঁটাৰে স্বীকৃতি দিয়া হৈছে।

বন্ধন বেংকৰ জ’নাল হেড সুমন ঘোষ আৰু বন্ধন বেংকৰ চি এছ আৰ হেড সৰ্বাশীষ ৰয়ে কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা ,অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আদি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই বঁটা গ্ৰহণ কৰে ৷

পঞ্চদশ অসম উদীয়মান যুৱ সন্মিলন ২০২৪-২৫ৰ অংশ হিচাপে আলোক প্ৰভঞ্জন কল্যাণ সমিতিৰ উদ্যোগত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই সন্মিলনত পৰ্যটন, কৃষি, উদ্যোগীকৰণ, দক্ষতা বিকাশৰ দৰে মূল খণ্ডত অসমৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments