ডিজিটেল ডেস্ক, ANEWS24X7: ২০২২-২৩ বিত্তীয় বৰ্ষৰ অন্তিমটো ত্ৰৈমাসিক সময়ছোৱাৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে বন্ধন বেংকে।
ব্যৱসায় বিকাশৰ বাবে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ফলত বেংকৰ মুঠ ব্যৱসায় ( জমা আৰু আগধন ) ১১% বৃদ্ধি হৈ ৩১ মাৰ্চ ২০২৩ তাৰিখে ২.১৭ লাখ কোটি টকা হৈছেগৈ ৷ ভাৰতৰ ৩৬ খন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৪খনতেই ৬০০০ টা বেংকিং আউটলেটৰ মাধ্যমত ৩ কোটিৰো অধিক গ্ৰাহকক সেৱা প্ৰদান কৰি আহিছে বন্ধন বেংকে ৷বৰ্তমান বন্ধন বেংকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ৭০ হাজাৰ ৷
বিত্তীয় বৰ্ষ ২৩ৰ শেষৰটো ত্ৰৈমাসিকত বেংকৰ জমা বহী পূৰ্বৰ বছৰৰ একেই সময়ৰ তুলনাত ১২% বৃদ্ধি পাইছে ৷ এতিয়া বেংকৰ মুঠ জমাৰ পৰিমাণ হৈছেগৈ ১.০৮ লাখ কোটি টকা। ঠিক তেনেদৰে যোৱা বিত্তীয় বৰ্ষৰ একেই সময়ৰ তুলনাত গ্ৰাহকৰ প্ৰদত্ত ঋণৰ পৰিমাণ ১০% বৃদ্ধি পাইছে ৷ মুঠ প্ৰদত্ত ঋণৰ পৰিমাণ এতিয়া ১.০৯ লাখ কোটি টকা৷
বেংকে পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰমুখ বজাৰৰ বাহিৰতো নিজৰ উপস্থিতি সম্প্ৰসাৰণ অব্যাহত ৰাখিছে । বেঙ্কে অন্যান্য সামগ্ৰীৰ পৰিসৰৰ সমান্তৰালকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ঋণ, সোণ ঋণ, ব্যক্তিগত ঋণ আৰু অটো ঋণৰ দৰে ক্ষেত্ৰতো নিজৰ পৰ্টফলিঅ’ বৃদ্ধি কৰিছে ৷ বেংটোৱে লগতে ব্যৱসায়ৰ বাবে বাণিজ্যিক বাহন ঋণ আৰু সম্পত্তিৰ বিপৰীতে ঋণ আদিৰ দৰে নতুন ব্যৱসায়িক খন্ডতো কাম আৰম্ভ কৰিছে ৷
বেংকৰ ফলাফল সন্দৰ্ভত পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয় যে “বন্ধন বেংকে যোৱা বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকৰ তুলনাত এই বছৰৰ চতুৰ্থ ত্ৰৈমাসিকত ব্যৱসায়ত আশাপ্ৰদ ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে ৷
আমি ৩ কোটিতকৈও অধিক ভাৰতীয়ৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছো আৰু তেওঁলোকৰ সপোন পূৰণৰ যাত্ৰাত তেওঁলোকৰ বিশ্বস্ত সহযোগী হৈ থাকিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম