Friday, November 8, 2024
Homeৰাজনৈতিকভাৰতৰ ভূমিকাত কৃতজ্ঞতা জ্ঞাপন বাংলাদেশৰ

ভাৰতৰ ভূমিকাত কৃতজ্ঞতা জ্ঞাপন বাংলাদেশৰ

ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰিছে বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হাছান মামুদে ৷ ভাৰতে বাংলাদেশৰ প্ৰগতি আৰু আঞ্চলিক ভাৰাসাম্য বজাই ৰখাৰ বাবে ভাৰতে আগবঢ়াই অহা সহযোগিতা আৰু গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে ধন্যাবাদ জ্ঞাপন কৰিছে বাংলাদেশৰ মন্ত্ৰী গৰাকীয়ে ৷

নতুন দিল্লীত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি বাংলাদেশৰ মন্ত্ৰী মামুদে কয় যে ,‘‘কঠিন সময়তো অৰ্থনৈতিক বিকাশ , জনমূৰি আয় আৰু গড় ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত বাংলাদেশ আগবাঢ়ি গৈছে ৷ এয়া সম্ভৱ হৈছে ৰাজনৈতিক সহযোগিতাৰ বাবে ৷ আমি ভাৰতৰ প্ৰতি কৃতজ্ঞ যে তেওঁলোকে আঞ্চলিক স্থিৰতা বজাই ৰখাত এক বিশেষ ভূমিকা পালন কৰি আহিছে ৷’’

চীন প্ৰসংগতো বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হাছান মামুদে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে ৷ চীন প্ৰসংগত মামুদে কয় যে ,‘‘চীন আমাৰ আঞ্চলত নাই ৷’’ তিস্তা চুক্তি সন্দৰ্ভত মন্তব্য কৰি মামুদে কয় যে ,‘‘ ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক কেৱল তিস্তা চুক্তিৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ দ্বিপাক্ষিক সম্পৰ্কৰ বহুতো দিশ আছে ৷ অৱশ্যে তিস্তা চুক্তি ৰূপায়ণৰ প্ৰক্ৰিয়া চলি আছে ৷ আশা কৰো অতি সোনকালে তিস্তা চুক্তি স্বাক্ষৰ কৰা হ’ব ৷’’

আনহাতে বাংলাদেশত সংখ্যালঘু সকলৰ ওপৰত চলি অহা অত্যাচাৰ সন্দৰ্ভতো মন্তব্য কৰে ৷ তেওঁ কয় যে ,‘‘ এইবাৰ বাংলাদেশত দুৰ্গা পূজা অধিক হৈছে ৷ যদি কোনোবাই বাংলাদেশত সম্প্ৰীতি ধ্বংস কৰিবলৈ চেষ্টা কৰে , তেন্তে ইয়াৰ ব্যৱস্থা লোৱা হৈছে ৷ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কাকো সংখ্যালঘু বুলি গণ্য নকৰে ৷ সকলোৰে দেশ এখনেই ৷ বাংলাদেশত কোনো সংখ্যালঘু নহয় ৷’’

উল্লেখ্য যে , বংলাদেশৰ অন্যতম সমস্যা হিচাপে গঢ় লৈ উঠা ৰহিংগীয়া শৰণাৰ্থী সমস্যা সন্দৰ্ভত ভাৰতৰ পৰা সহায় বিচাৰিছে বাংলাদেশ চৰকাৰে ৷ শৰণাৰ্থী সকলক যাতে অতি সোনকালে ম্যানমাৰলৈ উভতাই পঠিয়াব বাবে ভাৰতৰ সহযোগ বিচাৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments