আজি পুৱা বৰপেটা চহৰৰ কুমাৰ হাটীত সংঘটিত হয় ভয়ঙ্কৰ এক পথ দুৰ্ঘটনা ৷
এখন চাৰিচকীয়া বাহনে মহটিয়াই নিয়ে এজন চাইকেল আৰোহীক ৷
পৰিণতিস্বৰূপে থিতাতে নিহত হয় চাইকেল আৰোহীজন ৷
নিহত চাইকেল আৰোহীজন বৰপেটা চহৰৰ ঘোঁৰামাৰ হাটীৰ সৰ্বানন্দ দাস (৮০) বুলি জানিব পৰা গৈছে ৷
নিহত সৰ্বানন্দ দাস বৰপেটা সত্ৰৰ ধৰ্মীয় ক্ষেত্ৰৰ এগৰাকী কৰ্মচাৰী আছিল ৷
তেখেতে দীৰ্ঘদিন ধৰি বৰপেটা সত্ৰত ‘গোসাঁই ভৰালী’ হিচাপে সেৱা আগবঢ়াই আহিছিল ৷
জানিব পৰা মতে, প্ৰতিদিনৰ দৰে আজিও তেওঁ বৰপেটা সত্ৰলৈ অহা দৰ্শনাৰ্থীসকলক নিৰ্মালি প্ৰদানৰ বাবে ফুল সংগ্ৰহ কৰিবলৈ পুৱা চাইকেলখন লৈ ঘৰৰ পৰা ওলাই আহিছিল ৷
ফুল সংগ্ৰহ কৰি ঘৰলৈ ওভতাৰ সময়ত তেওঁ কুমাৰ হাটীত এক পথ দুৰ্ঘটনাত পতিত হয় ৷
চাইকেল চলাই গৈ থকা অৱস্থাত পিছফালৰ পৰা অহা AS 01FX 2478 পঞ্জীয়ন নম্বৰৰ এখন Maruti Suzuki FRONX বাহনে তেওঁক মহটিয়াই নিয়ে ৷
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, চাইকেলসহ সৰ্বানন্দ দাস বহু সময় ধৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ তলত পৰি ৰয় ৷
অৱশেষত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সৰ্বানন্দ দাসৰ মৃতদেহ আৰু চাইকেলখন গাড়ীৰ তলৰ পৰা উদ্ধাৰৰ ব্যৱস্থা কৰে ৷