ডিজিটেল ডেস্ক, ANEWS24X7: আজি ১৪ অক্টোবৰ ৷ বিদেশী বহিস্কাৰ আন্দোলনৰ পেক্ষাপটত গঠন হোৱা অসমৰ আঞ্চলিক ৰাজনৈতিক দল অগপৰ আজি ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আঞ্চলিক ৰাজনৈতিক দলটোৱে উদযাপন কৰিছে প্ৰতিষ্ঠা দিৱস ৷
বৰপেটা পৌৰসভাৰ খেল পথাৰত কেন্দ্ৰীয় ভাবে অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে ৷ প্ৰতিষ্ঠা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দলটোৰ ৩৮ গৰাকী নেতাই ৩৮ খন পতাকা উত্তোলন কৰে ৷ পতাকা উত্তোলনৰ পিছতে অগপ সভাপতি কেশৱ মহন্তই শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰে ৷
\
প্ৰতিষ্ঠা দিৱস উপলক্ষে সত্ৰনগৰীৰ ঐতিহ্য পৰম্পৰাক গুৰুত্ব প্ৰদান কৰি বৰগীত, লোকগীত , ভোৰতাল নৃত্য আদি বিবিধ সত্ৰীয়া আৰু লোক সংস্কৃতি পৰিবেশন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণিভূষণন চৌধুৰিকে আদি কৰি কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে ভালে সংখ্যক অসম গণ পৰিষদৰ সমৰ্থক উপস্থিত থাকে ৷
প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অগপৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰীয়ে পুৰণি সতীৰ্থ সকলক স্মৰণ কৰে ৷ মুকলি সভাত অসম আৰু অসমীয়াৰ অস্তিত্বৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়াল সমূহক সম্বৰ্ধনা জ্ঞাপন কৰে ৷