ডিজিটেল ডেস্ক, ANEWS24X7: চীনত পুনৰ ভয়ংকৰ ৰূপত সংক্ৰমণ হৈছে কৰ’ণা ভাইৰাছ ৷ কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে চীন চৰকাৰে ঘোষণা কৰিছে কঠোৰ লকডাউন ৷ লকডাউনৰ ফলত ব্যাহত হৈ পৰিছে চীনৰ সাধাৰণ জনজীৱন ৷ গৃহবন্দী হৈ পৰিছে চীনৰ সাধাৰণ জনতা ৷
ইয়াৰ মাজতে লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে চীনৰ সাধাৰণ জনতাই ৷ বেইজিং আৰু ছাংহাইত হাজাৰ হাজাৰ জনতাই ৰাজপথলৈ ওলাই আহি চীন চৰকাৰৰ ‘কোভিড-মুক্ত নীতি’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷
প্ৰতিবাদকাৰী সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে চীন চৰকাৰে ৷ প্ৰতিবাদ নিৰ্মূল কৰিবৰ বাবে চীন চৰকাৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ঘৰলৈ যাবলৈ নিৰ্দেশ দিছে ৷ এনে পৰিস্থিতিত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন আন্তঃৰাষ্ট্ৰীয় সাংবাদিক চীনা সেনাৰ অকথ্য নিৰ্যাতনৰ বলি হৈছে ৷
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ এজন সাংবাদিকক সংবাদ গ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত গ্ৰেপ্তাৰ পৰে চীন আৰক্ষীয়ে ৷ এই ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷