ডিজিটেল ডেস্ক, ANEWS24X7: সামাজিক মাধ্যমত যিকোনো মন্তব্য কৰাৰ আগতে সাৱধান হওঁক ৷ সামাজিক মাধ্যমৰ প্ৰতিষ্ঠানবোৰৰ দ্বায়বদ্ধতা নিশ্চিত কৰিবলৈ অধিক কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ ৷
তথ্য প্ৰযুক্তিৰ নিয়ম সংশোধন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।শনিবাৰে এই কথা সদৰী কৰে তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ৷
তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে,‘‘তথ্য প্ৰযুক্তি নিয়মত কৰা সংশোধনীসমূহে ছ’চিয়েল মিডিয়া কোম্পানীসমূহক অধিক সাৱধান কৰি তুলিব। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে যাতে ভুৱা খবৰ বিয়পাব নোৱাৰে, অশালীন মন্তব্য কৰিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈ কোম্পানীসমূহক নিৰ্দেশ প্ৰদান কৰা হ’ব। ছ’চিয়েল মিডিয়া কোম্পানীসমূহে ব্যৱহাৰকাৰীৰ অভিযোগ সঠিকভাৱে সমাধান নকৰাৰ বিষয়ে চৰকাৰ অৱগত।’’

সামাজিক মাধ্যম মঞ্চ সমলৰ বিষয়ে দাখিল কৰা অভিযোগৰ সঠিক মোকাবিলা কৰিবলৈ শুক্ৰবাৰে তথ্য প্ৰযুক্তিৰ নিয়ম সংশোধন কৰিছে। ইয়াৰ অধীনত তিনি মাহত আপীল সমিতি গঠনৰ কথা ঘোষণা কৰে। এই সমিতিয়ে বিষয়বস্তু নিয়ন্ত্ৰণ সম্পৰ্কে মেটা আৰু টুইটাৰ আদিৰ দৰে সামাজিক মাধ্যম কোম্পানীৰ দ্বাৰা লোৱা সিদ্ধান্তসমূহ পুনৰীক্ষণ কৰিবলৈ সক্ষম হ’ব।
তথ্য প্ৰযুক্তি ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে লগতে কয় যে,‘‘ সামাজিক মাধ্যমৰ মূল কোম্পানী সমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰে হওঁক বা ইউৰোপৰে হওঁক, এই কোম্পানীসমূহে ভাৰতত কাম কৰিব লাগিব। তেওঁলোকৰ মঞ্চ ভাৰতীয় সংবিধানিক অধিকাৰৰ বিৰোধী হ’ব নোৱাৰিব।’’
উল্লেখ্য যে,সামাজিক মাধ্যৰ নেতিবাছক দিশে সমগ্ৰ সমাজ খনত বিৰূপ প্ৰভাৱ পেলাইছে ৷ ইয়াৰ ফলত হিংসা , সন্ত্ৰাস , ঘ্ৰীণা , বিভাজন , অশ্লীল গালি-গলাজ আজি অসমাজিক তত্ব সমূহ এতিয়া সমাজিক মাধ্যমত সূলভ হৈ পৰিছে ৷ ইয়াৰ ফলত সামাজিক সুস্থতা বিনস্ত হৈ পৰিছে ৷ সামাজিক মাধ্যমৰ জৰিয়তে গা কৰি উঠিবলৈ সক্ষম হৈছে সন্ত্ৰাসবাদৰ দৰে সমাজৰ ক্ষতিকাৰক উপকৰণ সমূহ ৷
