ডিজিটেল ডেস্ক, anews24x7: মানৱ দেহ হ’ল ৰোগৰ আকৰ ৷ কিন্তু প্ৰকৃতি মাতৃয়ে সেই সমূহৰ প্ৰতিকাৰৰ বাবে প্ৰচুৰ গছ-বন, ফল-ফুল অপৰ্যাপ্তভাবে আমাৰ মাজত বিলাই দিছে ৷ প্ৰয়োজন মাথোঁ সেই সবৰ গুণাৱলী চিনাক্ত কৰি তাৰ সদপ্ৰয়োগ কৰাৰ ৷ ক’লা জামুৰ খায় প্ৰায় সংখ্যকেই হয়তো ভাল পায় ৷
এই গছৰ পাত, ছাল,গা-গছ, শিপা, ফল-ফুল প্ৰতিটো অংশই ঔষধীয় নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে৷ লোককথামতে ভগবান কৃষ্ণই জামুগছৰ তলত বহি বাঁহী বজাইছিল ৷ সেয়েহে এই গছক পবিত্ৰ জ্ঞান কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মালম্বীলোকে মন্দিৰৰ চৌহদত ৰোপন কৰি আহিছে ৷
মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো সমাজৰ বিবাহ মণ্ডপ সজাবলৈ জামুগছৰ ডাল-পাতৰ ব্যৱহাৰ কৰে ৷ অতি প্ৰাচীন কালৰ পৰা ভাৰতীয় আয়ুৰ্বেদ, য়ুনানী আৰু চীন দেশৰ থলুৱা চিকিৎসাত জামুৰ ব্যৱহাৰ চলি আহিছে ।
১) পেটৰ টেঙাপানীৰ উগাৰ আদিত ক’লা জামু উপকাৰী
২)গ্ৰহণী,বদহজমি,শৌচকচা,কৃমি, পেটৰ বিষ আদিত ক’লা জামু ভাল
৩) তেজৰ এনিমিয়া আতৰ কৰিবলৈ ক’লা জামু উপকাৰী
৪)মুখৰ ঘাঁ আদিৰ চিকিৎসা কৰিবলৈ জামুৰ ফল উপকাৰী