Tuesday, July 8, 2025
Homeস্বাস্থ্যনহৰুৰ উপকাৰীতা

নহৰুৰ উপকাৰীতা

ডিজিটেল ডেস্ক, ANEWS24X7: নহৰু এবিধ মছলাজাতীয় উদ্ভিদ। অসমত ই নহৰু নামেৰে জনা যায় যদিও ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক ভিন ভিন নামেৰে জনা যায়। ইয়াৰ খেতি সাধাৰণতে কম পানী থকা আৰু সাৰুৱা মাটিত ভাল হয়। নহৰু গছৰ ফল বগা ৰঙৰ আৰু কেইবাটাও কোঁহ থাকে। অৱশ্যে এটা কোঁহ থকা নহৰুও আছে। ইয়াক ঔষধত ব্যৱহাৰ কৰা হয়। নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক।

খাদ্য সুস্বাদু আৰু সুগন্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰা হয়। ইয়াৰ বহুতো ঔষধি গুণো আছে। ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা নিতৌ খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী৷ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কোনেও দিনটোত ডাঙৰ আকৃতিৰ নহৰু তিনিফুটাতকৈ বেচি নাখায় যেন৷ মছলা হিচাবে নহৰুৰ আদাৰ সৈতে অতি সুন্দৰ সংমিশ্ৰণ; যাক মাংস, মাছ, কণী বা আন তৰকাৰীৰ সৈতে মিহলাই ৰন্ধা হয় ৷

নহৰুৰ আচাৰ, চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয় ৷ আকৌ বহুতে নহৰু সৰু সৰুকৈ কূটি কম তেলত ৰঙচুৱাকৈ ভাজি জুতি লগাই খায় ৷ স্বাস্থ্যৰ দিশত কেঁচা নহৰু বেচি উপযোগী ৷

এতিয়া জানো আহক নহৰুৰ উপকাৰীতা-

১. ৰাতিপুৱা খালি পেটত নহৰু খালে ভাল

২. হৃদৰোগৰ পৰা সুৰক্ষা- নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে ৷

৩. তেজৰ নলীত চৰ্বি জমা হব নিদিয়ে নহৰুৱে।

৪. উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে।

৫. তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে ৷

৬. কৰ্কট ৰোগ প্ৰতিৰোধ – বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ, মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নহৰু ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments