ডিজিটেল ডেস্ক, ANEWS24X7: বৃহস্পতিবাৰে ষষ্ঠবাৰৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বেঞ্জামিন নেতান্যহুৱে ৷ ইজৰাইলৰ সংসদ নেছেটৰ সদস্য নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি ষষ্ঠ বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে শপত লয় নেতান্যহুৱে ৷
বৃহস্পতিবাৰে সংসদৰ ১২০ জন সদস্যৰ ভিতৰত ৬৩ জন সদস্যাই বেঞ্জামিন নেতান্যহুৱক সমৰ্থন জনাই ৷ জৰাইলৰ অন্যান্য সোঁপন্থী আৰু মধ্যমপন্থী দলসমূহে নেতান্যহুক সমৰ্থন কৰিছিল।
উল্লেখ্য যে, যোৱা ১ নৱেম্বৰত ইজৰাইলত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ এই নিৰ্বাচনত ইজৰাইলৰ সোঁপন্থী লিকুড দলে ১২০ খন আসনৰ ভিতৰত ৩২ খন আসন লাভ কৰিছিল ৷ ইয়াৰ বিপৰিতে য়াইৰ লাপিদৰ দলে য়েশ আতিদে ২৪ খন আসন লাভ কৰিছিল ৷
