Tuesday, March 10, 2026
Homeৰাজনৈতিকবুধবাৰে ৰাহুল গান্ধীয়ে শুভাৰাম্ভ কৰে ‘ভাৰত জোড়ো যাত্ৰা’

বুধবাৰে ৰাহুল গান্ধীয়ে শুভাৰাম্ভ কৰে ‘ভাৰত জোড়ো যাত্ৰা’

ডিজিটেল ডেস্ক ANEWS24X7: ২০১৪ চনৰ নিৰ্বাচনত পৰাজয় হোৱাৰ পিছতে ক্ৰমাত ৰাজনীতিত শক্তি হ্ৰাস পাবলৈ ধৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছত ৷ দলৰ এই বিপৰ্যয়ৰ সংময়ত দলটোৰ সংগ এৰিছে ইজনৰ পিছত সিজন প্ৰভাৱশালী নেতাই ৷ বাৰম্বাৰ চেষ্ঠা কৰাৰ পিছতো দলটোক পুনৰ শক্তিশালী কৰাত ব্যৰ্থ হৈছে ৷ এক প্ৰকাৰে মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে এসময়ত দেশ শাসন কৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটো ৷

এনে পৰিস্থিতিৰ মাজতে দলটো পুনৰ উদ্ধাৰ কৰিবৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লৈছে এক বিশেষ পদক্ষেপ ৷আগন্তুক ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতিলক্ষ্য ৰাখি বৃহস্পতিবাৰে কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিব।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ১৫০ দিনীয়া এই কাৰ্যসূচীয়ে ৩,৫০০ কিলোমিটাৰ পথ সামৰি ল’ব।এই যাত্ৰাৰ জৰিয়তে কংগ্ৰেছ দলে বিজেপি দল আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জনতাৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে জনতাক জাগ্ৰত কৰিব ৷

2904

এই কাৰ্যসূচী শুভাৰাম্ভণি কৰাৰ পূৰ্বে কংগ্ৰেছ দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰস্থিত তেওঁৰ পিতৃ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মাৰক দৰ্শন কৰি আশীষ লয়। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী সকলে প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ দুটা দলত বিভক্ত হৈ পদযাত্ৰা কৰিব । দুয়োটা দলে ১৫০ দিনৰ ভিতৰত দেশৰ ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল এই কাৰ্যসূচীত সামৰি ল’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments