Friday, November 8, 2024
Homeঅসমগুৱাহাটীত কোনো ঘৰ বা মাটি নাই ভূপেন বৰাৰ!

গুৱাহাটীত কোনো ঘৰ বা মাটি নাই ভূপেন বৰাৰ!

ডিজিটেল ডেস্ক, ANEWS24X7:গুৱাহাটী পৌৰ নিগমে জাৰী কৰা জাননীৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই। বৰ্তমান সময়লৈকে মহানগৰীত কোনো ভৱন নিৰ্মাণ কৰা নাই ভূপেন বৰাই। তেওঁৰ বিৰুদ্ধে কৰা অভিযোগ সন্দৰ্ভত কোনো আপত্তি নাই ভূপেন বৰাৰ। কিন্তু,গুৱাহাটী পৌৰ নিগমে তেওঁক জাননী জাৰী কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰিব ল’ব লাগে।

ভূপেন বৰাই লগতে কৈছিল গুৱাহাটীত তেওঁৰ কোনো ঘৰ বা মাটি নাই। তেওঁ পত্নীৰ নামত থকা ঘৰত হে থাকে।

আনহাতে,  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেহে অভিযোগ উত্থাপন কৰিলে ভূপেন বৰাই। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ওপৰত প্ৰতিশোধ ল’বৰ বিচৰা বাবেহে কোনো তথ্য পৰীক্ষা নকৰাকৈ জাননী জাৰি কৰিছে। যদি এক ইঞ্চি চৰকাৰী ভূমিও ভূপেন বৰাই অধিগ্ৰহণ কৰিছে বুলি প্ৰমাণিত হয় তেন্তে মাটিখিনি ঘূৰাই দিব তেওঁ।

ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেন ভট্ট নামৰ দুজন ব্যক্তিৰ দ্বাৰা ঘোৰামাৰা চাৰিআলিৰ নিৰিবিলি পথত ‘অননুমোদিত’ নিৰ্মাণ সন্দৰ্ভত দাখিল কৰা অভিযোগৰ পিছত  জিএমচিয়ে জাননী জাৰি কৰিছিল ভূপেন বৰাৰ বিৰুদ্ধে। বুধবাৰে জিএমচিয়ে এপিচিচিক অনাপত্তি প্ৰমাণপত্ৰৰ (এনঅ’চি) এটা প্ৰতিলিপি প্ৰস্তুত কৰিবলৈ আৰু ঘোৰামাৰা চাৰিআলিৰ নিৰিবিলি পথত তেওঁৰ নিৰ্মাণ কৰা ভৱনৰ পৰিকল্পনা অনুমোদিত কৰিবলৈ জাননী জাৰি কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত, জিএমচিৰ কৰ্তৃপক্ষই ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বীক তিনি দিনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments