Monday, March 16, 2026
Homeঅসমপ্ৰতিবাদ কৰি ৰাঙলী হোৱা চোলাটো পিন্ধিয়ে BJPত যোগদান কৰিলে ভূপেন বৰাই!

প্ৰতিবাদ কৰি ৰাঙলী হোৱা চোলাটো পিন্ধিয়ে BJPত যোগদান কৰিলে ভূপেন বৰাই!

আজিৰে পৰা গেৰুৱা হ’ল ভূপেন বৰা। বশিষ্ঠ চাৰিআলিৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে ভূপেন বৰাই। কংগ্ৰেছৰ প্ৰাক্তন যুৱ নেতা তথা শতাধিক নেতা-কৰ্মীয়ে যোগদান কৰে BJPত। ৰাজ্যিক বিজেপিৰ সভাপতি উপস্থিত হয় যোগদান কাৰ্যসূচীত।

ভূপেন বৰাই কয় যে ‘‘যিদিনাই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হ’ব তাৰ পিছতে বহু আহিব। ৰাজীৱ ভৱনৰ বহু স্বাভিমানী অসমীয়াই বাজপেয়ী ভৱনলৈ আহিব। ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ’ম।’’কংগ্ৰেছত থকা স্বাভিমানী অসমীয়া সকলক কৰ্ণৰ লগত তুলনা কৰে ভূপেন বৰাই। ভূপেন বৰাই কয় যে ‘‘এতিয়া যিসকল স্বাভিমানী অসমীয়া কংগ্ৰেছত আছে, তেওঁলোকৰ অৱস্থা মহাভাৰতৰ যুঁজৰ কৰ্ণৰ দৰে হৈছে। কৰ্ণৰ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিল। সেয়ে সাগৰৰ পাৰত গৈ মাকে কৈছিল তুমি পাণ্ডৱৰ ফালে গুছি আহা, তেতিয়াই কৰ্ণই মাক উত্তৰ দিছিল হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তী, তথাপিও বিফল নহ’ব মোৰ যৌৱনৰ পণ। শাখা মোৰ, ভাতৃ মোৰ মাথোঁ দুৰ্যোধন। এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছো, কৰ্ণসকল আছে, তেওঁলোকে লাহে-লাহে উপলব্ধি কৰিব।’’

‘‘মুখ্যমন্ত্ৰীয়ে মোক কৈছিল মোক ৩টা কথা কৈছিল। মুখ্যমন্ত্ৰীয়ে মোক কৈছিল সাধাৰণ ঘৰৰ ল’ৰা বিলাকে হিন্দী, ইংৰাজী ভালকৈ নজনা পৰিয়ালৰ ল’ৰাবোৰৰ বাবে ৰাজনীতি কৰিবলৈ বিজেপি ভাল। মই কংগ্ৰেছৰ থাকোতে তেজেৰে ৰাঙলী হৈছিলো। ৰাজপথত ৰাঙলী হোৱা প্ৰথমগৰাকী কংগ্ৰেছৰ সভাপতি মই। যিটো চোলা পিন্ধি ৰাঙলী হৈছিলো, সেই চোলাটো পিন্ধি থৈ দিছিলো এদিন পিন্ধিম বুলি, আজি সেই চোলাটো পিন্ধিয়েই আহিছো। সেই তেজ বিজেপিৰ সৈতে কাজিয়া কৰোতে হৈছিল, কংগ্ৰেছে সেই তেজৰ মূল্যাংকন কৰিলে নে নাই সেই কথা মনত পেলাবলৈ আহিছো। যদি সেই তেজৰ মূল্যাংকন BJPএ কৰে ভাল।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments