ডিজিটেল ডেস্ক, ANEWS24X7: ঘোষণা কৰা হ’ল গুজৰাটৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ৷ শনিবাৰে অনু্ষ্ঠানিক ভাৱে গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী নাম ঘোষণা কৰে বিজেপিয়ে ৷
গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে ৷ শনিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয় ‘কমলম’ত অনুষ্ঠিত এক বৈঠকত নৱ নিৰ্বাচিত বিধায়ক সকলে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰে ভূপেন্দ্ৰ পেটেলক ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা আৰু ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডা উপস্থিতিত ভূপেন্দ্ৰ পেটেলক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হয় ৷
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’ব ভূপেন্দ্ৰ পেটেলে ৷ মুখ্যমন্ত্ৰীৰ উপৰিও ১২ জন কেবিনেট মন্ত্ৰীয়েও শপত ল’ব ৷
