ডিজিটেল ডেস্ক ANEWS24X7: শ্ৰীলংকাৰ দৰে গুৰুতৰ অৰ্থনৈতিক সংকটৰ দিশে গতি কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান । ৮ লাখ জনসংখ্যাৰ এই ক্ষুদ্ৰ ৰাষ্ট্ৰ খনৰ আৰ্থিক অৱস্থাই এতিয়া চিন্তিত কৰিছে সচেতন মহলক । বৰ্তমান সময়ত দেশ খনৰ ‘ফৰেইন একছেঞ্জ ৰিজাৰ্ভ’ সংকুচিত হৈছে ।
বৰ্তমান সময়ত দেশ খনত থকা ‘ফৰেইন একছেঞ্জ ৰিজাৰ্ভ’ৰ দ্বাৰা মাত্ৰ ১৪ মাহৰ বাবেহে নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰিব পাৰিব । এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰখনৰ ‘ৰয়েল মনিটৰী অথৰিটী’য়ে ।
ৰয়েল মনিটৰী অথৰিটীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কভিড মহামাৰীক প্ৰতিহত কৰিবৰ বাবে ভূটান চৰকাৰে গ্ৰহণ কৰা ‘জিৰ’ ক’ভিড নীতি’য়ে দেশখনৰ পৰ্যটন অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে । ইয়াৰ ফলত দেশখনৰ অৰ্থনীতিত ইয়াৰ ব্যাপক প্ৰভাব পৰিছে । ২০২১ চনৰ এপ্ৰিলত দেশ খনত ‘ফৰেইন একছেঞ্জ ৰিজাৰ্ভ’ আছিল ১.৪৬ বিলিয়ন ডলাৰ । কিন্তু ডিচেম্বৰ মাহত এই পৰিমাণ হ্ৰাস পাই হলগৈ ৯৭০ মিলিয়ন ডলাৰ । উল্লেখ্য যে দেশখনৰ মুঠ দেশীয় উপাৰ্জনৰ ৭০ শতাংশ পুঁজি জলবিদ্যু প্ৰকল্পৰ পাৰ আৰু পৰ্যটন ক্ষেত্ৰৰ পৰা আহে ।