ডিজিটেল ডেস্ক ANEWS24X7: বিশ্ববিদ্যালয়ৰ চৌহদত গণেশ মন্দিৰ স্থাপনকলৈ সৃষ্টি হৈছে উত্তেজনা ৷ পৌৰসভাই বিশ্ববিদ্যালয়ৰ চৌহদত জোৰ কৰি মন্দিৰ স্থাপন কৰাৰ চেষ্টা কৰাৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল শিক্ষাৰ্থী সমাজ ৷
শিক্ষাৰ্থী সকলে শ্ৰেণীকোঠা এৰি ৰাজপথত কৰিলে প্ৰতিবাদত ৷ শিক্ষাৰ্থী সকলৰ লগতে এই প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষক ৷ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বাংগালুৰু বিশ্ববিদ্যালয়ত ৷ বিশ্ববিদ্যালয়খনত বেংগালুৰু পৌৰসভাই স্থাপন কৰিব বিচাৰিছিল এটা গণেশ মন্দিৰ ৷
ঘটনাৰ বিবৰণ অনুসৰি বিশ্ববিদ্যালয়খনৰ জ্ঞানভাৰতী চৌহদত এটা গণেশ মন্দিৰ আছিল ৷ কিন্তু পথ বহল কৰাৰ বাবে ভাঙিব লগীয়া হৈছিল মন্দিৰটো ৷ পৰবৰ্তী সময়ত বেংগালুৰু পৌৰ সভাই বিশ্ববিদ্যালয়খনৰ চৌহদত মন্দিৰটো স্থানান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই সিদ্ধান্তৰ বিৰোধীতা কৰি প্ৰতিবাদত নামিল বিশ্ববিদ্যালয় খনৰ একাংশ শিক্ষাৰ্থী ৷
শিক্ষাৰ্থী সকলে বন্ধ কৰি দিছিল আধাৰ্শিলা অনুষ্ঠান ৷ প্ৰতিবাদী শিক্ষাৰ্থী সকলে দাবী কৰি কয় যে , ‘‘বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠানত মন্দিৰ থাকিব লাগিব বুলি কোনো নিৰ্দেশনা নাই ৷ এইখন জ্ঞানৰ মন্দিৰ হয় ধৰ্ম চৰ্চাৰ মন্দিৰ নহয় ৷ সেইবাবে এই প্ৰতিবাদ কৰা হৈছে ৷’’ অৱশ্যে এই ক্ষেত্ৰত মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰা হ’ব নে নহয় ইয়াকলৈ বেংগালুৰু পৌৰসভাই কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷