মহেন্দ্ৰ পগাগ, বিহালী: বিহালীত বৰগাঙৰ ৰাজীব ভৱনত সাংসদ গৌৰব গগৈৰ সংবাদ মেল।এই সংবাদ মেল অনুষ্ঠানতে যোৱা ২০২১ চনৰ বিহালীৰ অজাপ প্ৰাৰ্থী অঞ্জন- উপাধ্যায়,২০২১ চনৰ ৰাঙাপাৰা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী তথা আটছাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক অজয় তাঁতী,প্ৰাক্তন আটছা নেতা প্ৰলয় হিয়াল আৰু বিশ্বনাথ জিলা চাহ শক্তি সম্পাদক দুলন গোৱালা সহ কেইবাগৰাকী লোকে আনুষ্ঠানিক ভাবে কংগ্ৰেছ সলত যোগদান কৰে।
এই সংবাদ মেলত সাংসদ গৰাকীয়ে কয় যে এই চৰকাৰ ১ মাহৰহে আলহী।১৫ মাহৰ পিছত বিধায়ক মন্ত্ৰী সকলৰ চাকৰি যাব।যোৰহাটৰ পৰা যি দৰে উজনি অসমৰ পৰা বিজেপিক ৰাইজে বিদায় দিলে। বিহালীৰ পৰাও উত্তৰ অসমৰ পৰা বিজেপিক ৰাইজে বিদায় দিব।সংবাদ মেল যোগে সাংসদ গৌৰব গগৈয়ে আৰু কেইবাটাও গুৰত্বপূৰ্ন মন্তব্য দিয়ে।
আনহাতে সাংসদ ৰঞ্জিতা দত্তই কৈছিল যে যি বোৰ মঞ্চত সাংসদ গৌৰব গগৈয়ে মিটিং কৰি আছে।সেই মঞ্চত বহি সাংসদ গৰাকীয়ে বিজেপিক সমালোচনা কৰিবলেৰ লাজ লাগিব লাগিছিল বুলি কৰা মন্তব্যৰ বিৰুদ্ধে সাংসদ গৌৰব গগৈয়ে কয় যে তেওঁলোকে অধ্যায়ন কৰা বিদ্যালয় সমূহ আমি বনোৱা