ডিজিটেল ডেস্ক, A NEWS 24×7 : বিহু নাচেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে মহানগৰীৰ সৰুসজাইত আয়োজন কৰিছে বিহু অনুষ্ঠানৰ। ১৪ এপ্রিলৰ বিহুৰ অনুষ্ঠানক লৈ জনতা ভৱনত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । ১৪ এপ্ৰিলত সৰুসজাইত ১১,১৪০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ। বিহুৰ অনুষ্ঠানত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
বিহুৰ অনুষ্ঠানত বিভিন্ন জিলাৰ বিহুৱা-বিহুৱতী, ঢুলীয়া, পেঁপুৱাই অংশগ্ৰহণ কৰিব। প্ৰতিবাৰতে ৭০ গৰাকী নাচনী, ৩০ জনকৈ ঢুলীয়াই অংশ ল’ব। জিলাই জিলাই ১ মাৰ্চৰ পৰা মাহজোৰাকৈ চলিব প্ৰশিক্ষণ। ইতিমধ্যে সোমবাৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে মাষ্টাৰ প্ৰশিক্ষণ। পুৰস্কাৰ লাভ কৰা বিহুৱা-বিহুৱতীক অগ্ৰাধিকাৰ প্ৰদান কৰিব। ১ মাৰ্চত প্ৰদৰ্শন হ’ব মাষ্টাৰ ট্ৰেইনাৰৰ বিহুনাচ।
তাৰোপৰি, প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে জিলাত দৈনিক পাব ৩০০ টকাকৈ। সাজ-পোছাকৰ বাবে লাভ কৰিব ৩ হাজাৰ টকাকৈ। গুৱাহাটীত বিহুৱা-বিহুৱতীয়ে দৈনিক ১ হাজাৰ টকাকৈ লাভ কৰিব। প্ৰতিগৰাকী শিল্পীৰ নামত ব্যয় কৰিব ১০,৫০০ টকাকৈ।
