ডিজিটেল ডেস্ক, anews24x7: অসম তৃণমূল কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে অসম তৃণমূল কংগ্ৰেছে।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ফটোসম্বলিত কাগজৰ মুখা পিন্ধি অসম তৃণমূল কংগ্ৰেছৰ নেতা–কৰ্মীসকলে গছৰ তলত বহি প্ৰতিবাদ সাব্যস্ত কৰে।
গুৱাহাটীৰ জয়ানগৰস্থ অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদৰ কাষতে থকা এজোপা প্ৰকান্ড গছৰ তলত বহি প্ৰতিবাদ কৰে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাসহিতে অন্যান্যসকলে।
বিশ্বজিৎ দৈমাৰীৰ হাতত বিচনী । এজোপা গছৰ তলত দৈমাৰীয়ে বিচনী মাৰিছে । জনতাই প্ৰশ্নৰে থকা সৰকা কৰিছে দৈমাৰীক। জনতাৰ প্ৰচণ্ড ক্ষোভ, বিদ্যুৎ সেৱাৰ প্ৰসংগত বিশ্বজিৎ দৈমাৰীৰ তুলুঙা মন্তব্যক তীব্ৰ সমালোচনা ।
পিছে বিশ্বজিৎ দৈমাৰীও কম নহয় ! ৰাইজক কৈছে- \”আমি জনপ্ৰতিনিধি । সেয়ে ৰাইজে এনেকৈ কষ্ট ভূগিয়েই থাকিব লাগিব । আমাৰ স্বাস্থ্য ভালে থাকিলেহে আপোনালোকৰো ভালে থাকিব ।\” দৰাচলতে এয়া এক প্ৰতিবাদ । চৰকাৰে অভাৱনীয়ভাৱে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে আজি গুৱাহাটীত এইদৰে নাটকীয় ৰূপত প্ৰতিবাদ সাব্যস্ত কৰে অসম তৃণমূল কংগ্ৰেছে ।