ডিজিটেল ডেস্ক, anews24x7: বিজেপিৰ সাংগঠনিক পৰ্যায়ত ব্যাপক সালসলনি। কেইবাখনো ৰাজ্যত বিজেপিৰ পদাধিকাৰীৰ আজি তালিকা প্ৰকাশ কৰে।
ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত অসমৰ কামাখ্যা প্ৰসাদ তাছাক অন্তৰ্ভূক্ত কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই ঘোষণা কৰে। সদ্য প্ৰকাশিত তালিকীত তেলেংগানা বিজেপিৰ প্ৰাক্তন সভাপতি বন্দী সঞ্জয় আৰু ৰাজ্যসভাৰ সাংসদ ৰাধা মোহন আগৰৱালক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে।
ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ তালিকাৰ পৰা বাদ পৰিছে চিটি ৰবী, ৰাধা মোহন সিং, দিলীপ ঘোষ, দিলীপ শইকীয়া, সুনীল দেওধৰ, হৰিশ দ্বিবেদী, বিনোদ শংকৰ, ভাৰতী শ্যাল৷ এই আঠগৰাকীক অব্যাহতি প্ৰদানৰ বিপৰীতে নতুনকৈ স্থান লাভ কৰিছে বন্দী সঞ্জয়, ৰাধা মোহন আগৰৱালা, অনিল এণ্টনী, সঞ্জয় পাণ্ডে, সুৰেন্দ্ৰ নাগৰ, কামাখ্যা প্ৰসাদ তাছা, লক্ষ্মীকান্ত বাজপেয়ীয়ে৷
ৰাষ্ট্ৰীয় বিষয়ববীয়াত পাছমাণ্ডা মুছলমান তাৰিক মনছুৰক উপসভাপতি হিচাপে নিযুক্তি দিছে দলটোৱে৷ মনছুৰ হৈছে এম এল চি আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য৷ চলিত বৰ্ষৰ আৰম্ভণিতে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা প্ৰবীণ কংগ্ৰেছ নেতা এ কে এণ্টনীৰ পুত্ৰ অনিল এণ্টনীয়ে ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰিছে৷