Sunday, July 6, 2025
Homeৰাজনৈতিকগুজৰাট-হিমাচলৰ বাঘজৰী কোনে ধৰিব?

গুজৰাট-হিমাচলৰ বাঘজৰী কোনে ধৰিব?

ডিজিটেল ডেস্ক, anews24x7:  আজি ২ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে প্ৰতিটো কেন্দ্ৰত কটকটীয়া নিৰাপত্তা।গুজৰাটত নিৰ্ণয় হ’ব ১৮২ সমষ্টিৰ মুঠ ১৬২১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

১ আৰু ৫ ডিচেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।হিমাচল প্ৰদেশৰো ৬৮ সমষ্টিৰ ৪১২ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভাগ্য। ১২ নৱেম্বৰত হিমাচল প্ৰদেশত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। গুজৰাটত প্ৰথম পৰ্যায়ত ৫৬.৮৮ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৫৮ শতাংশ ভোটদান হৈছিল।

ভোটগণনাৰ বাবে স্থানীয় প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। গুজৰাট নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ আৰু দুপৰীয়ালৈ ফলাফলৰ এখন প্ৰতিচ্ছবি পৰিস্ফূত হোৱাৰ সম্ভাৱনা আছে। আশা কৰা হৈছে সন্ধিয়ালৈ দেশে সম্পূৰ্ণ ফলাফল লাভ কৰিব।
এগজিট প’লৰ মতে, বিজেপিয়ে এইবাৰ গুজৰাটত বৃহৎ বিজয় সাব্যস্ত কৰিব।

বিজেপিয়ে সৰ্বশক্তিৰে যুঁজ দিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্বাচনী প্ৰচাৰ চলাইছিল। স্থানীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিজেপি নেতাসকলৰ সৈতে কন্দ্ৰীয় মন্ত্ৰী আরু সংগঠনৰ কেইবাগৰাকীও নেতাই গুজৰাটত প্ৰচাৰ চলাইছিল।

বিজেপিয়ে গুজৰাটত বিগত ৬টা বিধানসভা নিৰ্বাচনত ধাৰাবাহিকভাৱে বিজয়ী হৈ আহিছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন দখল কৰিছিল, কংগ্ৰেছে পাইছিল ৭৭খন আসন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments