Tuesday, July 8, 2025
Homeৰাজনৈতিককংগ্ৰেছক পদানুকৰণ বিজেপিৰ

কংগ্ৰেছক পদানুকৰণ বিজেপিৰ

ডিজিটেল ডেস্ক, ANEWS24X7: কংগ্ৰেছৰ “ভাৰত জোড়ো যাত্ৰা”ৰ পাছত এইবাৰ বিজেপিৰ “গুজৰাট গৌৰৱ যাত্ৰা”। গুজৰাটত সমাগত বিধানসভা নিৰ্বাচন। ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মানুহৰ কাষ চাপিবলৈ পাঁচটা পৃথক পথত ‘গুজৰাট গৌৰৱ যাত্ৰা’ আৰম্ভ কৰিছে। সেই যাত্ৰাৰ অংশ হিচাপে বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দুটা যাত্ৰাৰ শুভাৰম্ভ কৰে।

শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে গু

জৰাটৰ তিনিটাকৈ পথত শুভাৰম্ভ কৰিছে গুজৰাট গৌৰৱ যাত্ৰাৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আহমেদাবাদ জিলাৰ জাঞ্জাৰকা গাঁৱৰ সন্ত সাৱিয়ানাথ মন্দিৰৰ পৰা শুভাৰম্ভ কৰে এটা যাত্ৰাৰ। সন্ত সাৱিয়ানাথ মন্দিৰত আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ গুজৰাট গৌৰৱ যাত্ৰাৰ সৌৰাষ্ট্ৰ অঞ্চলৰ সোমনাথত সমাপ্ত হয়।

আনহাতে তেওঁ নৱসাৰী জিলাৰ বনচদা তালুকৰ উনাই মাতা মন্দিৰৰ পৰা আন দুটা যাত্ৰাও মুকলি কৰে। তাৰে এটা যাত্ৰা উনাইৰ পৰা অম্বাজী ৰাজ্যখনৰ ১৪ খন জনজাতীয় জিলাৰ মাজেৰে ৩১ টা বিধানসভা সমষ্টি সামৰি পাৰ মন্দিৰলৈ এটা বিৰচা মুণ্ডা জনজাতীয় যাত্ৰাও অন্তৰ্ভুক্ত আছে।

উনাইৰ পৰা আৰম্ভ হ’বলগীয়া আনটো যাত্ৰা ৩৫ টা বিধানসভা সমষ্টিক সামৰি খেদা জিলাৰ ফাগভেলত সমাপ্ত হ’ব।

উল্লেখ্য যে, বিজেপিৰ আমোলত দেশৰ সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি বিনষ্ট কৰাৰ অভিযোগ ধাৰাবাহিকভাৱে ধৰ্ম নিৰপেক্ষ দল সংগঠনে উত্থাপন কৰি আহিছিল। তাৰোপৰি সমাজত ক্ৰমাণ্বয়ে বৃদ্ধি পাই আহিছে ধৰ্মীয় সংঘাত। সামাজিক সম্প্ৰীতি আৰু সুস্থ গণতান্ত্ৰিক পৰিৱেশ অক্ষুন্ন ৰখাৰ স্বাৰ্থতে কংগ্ৰেছে ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা। ৭ চেপ্তেম্বৰত ৰাহুল গান্ধীয়ে ভাৰতৰ কন্যাকুমাৰীত শুভাৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰাৰ। এই যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ সৈতে দলৰ সাংসদ, নেতা আৰু কৰ্মীসকলে বিশেষ কণ্টেইনাৰত নিশা কটাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments