Monday, July 7, 2025
Homeউত্তৰ-পূৱমেঘালয়ত বিজেপিৰ অন্তৰ্কন্দল! খ্ৰীষ্টান বিৰোধী টেগ আঁতৰোৱাত ব্যৰ্থ গেৰুৱা শিবিৰ

মেঘালয়ত বিজেপিৰ অন্তৰ্কন্দল! খ্ৰীষ্টান বিৰোধী টেগ আঁতৰোৱাত ব্যৰ্থ গেৰুৱা শিবিৰ

ডিজিটেল ডেস্ক, ANEWS24X7: বিজেপিৰ তীব্ৰ প্ৰচাৰৰ পিছতো ৰাজ্যখনৰ খ্ৰীষ্টান ভোটাৰসকলক আকৰ্ষিত কৰাত দলটোৰ শীৰ্ষ নেতৃত্ব সফল ন’হল। দলটোৰ শীৰ্ষ নেতৃত্বই নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ নেতাসকলক অৱহেলা কৰাৰ অভিযোগ প্ৰদান কৰি স্থানীয় নেতৃত্বই অসন্তুষ্টি প্ৰকাশ কৰিছে।

বিজেপিৰ গোপন সূত্ৰই কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এম চুবা আওয়ে মেঘালয়ৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰা ভূমিকাত তেওঁলোক সুখী নহয়। তেওঁলোকে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এম চুবা আওয়ে ৰাজ্যখনত বিজেপিৰ ওপৰত থকা “খ্ৰীষ্টান বিৰোধী টেগ” আঁতৰ কৰাত ব্যৰ্থ হয়।

অভিযোগ অনুসৰি অ’য়ে স্থানীয় নেতাসকলৰ সৈতে দলৰ প্ৰচাৰৰ ৰণনীতি তৈয়াৰ কৰাতকৈ শ্বিলং আৰু তুৰাৰ মাজত হেলিকপ্টাৰত ভ্ৰমণতহে অধিক সময় অতিবাহিত কৰিছিল।
অনুমান কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এম চুবা আওক ৰাজ্যৰ সকলো দায়িত্বৰ পৰা আঁতৰাই দিয়া হ’ব পাৰে।

দলৰ বহুতে আশা কৰিছিল যে বিজেপিয়ে নিৰ্বাচনত দুটা অংকৰ সীমা স্পৰ্শ কৰিব৷ এক্সিট-পোল সংস্থাসমূহেও এইবাৰ বিজেপিক ৬-১১ খন আসন লাভৰ ভৱিষ্যতবাণী কৰিছিল। অৱশ্যে ২০১৮ৰ দৰে এইবাৰো বিজেপিয়ে মাত্ৰ দুখন আসনতে সীমাবদ্ধ থাকিব লগা হয়৷ বিজেপিৰ আলেকজেণ্ডাৰ এল হেক আৰু চানবৰ শুল্লাই বিজয়ী হয়৷

মেঘালয়ত বিজেপিয়ে কেতিয়াও তিনিখনতকৈ অধিক বিধানসভা আসন জিকিব পৰা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments