Thursday, November 7, 2024
Homeৰাজনৈতিকমুছলমান সাংসদক গালী পৰা বাবেই ৰাজনাথ সিঙে বিছাৰিলে ক্ষমা

মুছলমান সাংসদক গালী পৰা বাবেই ৰাজনাথ সিঙে বিছাৰিলে ক্ষমা

ডিজিটেল ডেস্ক,২২ ছেপ্তেম্বৰ: সংসদত কৰা উত্তেজিত সাম্প্ৰদায়িক মন্তব্যই ব্যাপক ক্ষোভৰ সৃষ্টি কৰা বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ পৰা কঠোৰ ব্যৱস্থা ৰ সতৰ্কবাণী লাভ কৰে ।”চন্দ্ৰযানৰ সফলতা” সন্দৰ্ভত আলোচনাৰ সময়ত মুছলমান সাংসদ দনিশ আলীক ৰমেশ বিধুৰীয়ে ব্যৱহাৰ কৰা আপত্তিজনক শব্দক গুৰুত্ব সহকাৰে লক্ষ্য কৰিছিল অধক্ষ্য গৰাকীয়ে ।

এই জাতিটোৰ সংখ্যালঘু সদস্য হিচাপে আৰু এজন নিৰ্বাচিত সাংসদ হিচাপে এনে অসদাচৰণ ব্যৱহাৰক লৈ অধ্যক্ষলৈ এই বিষয়ে বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাই ।লগতে সাংসদ গৰাকীক কয় আপোনালোকৰ নেতৃত্বত নতুন সংসদ ভৱনত এনেকুৱা হোৱাটো মোৰ বাবে হৃদয়বিদাৰক ।যাৰ বিনিময়ত সংসদ গৰাকী মানসীক ভাৱে ভাঙি পৰা দেখিবলৈ পোৱা যায় ।বিৰোধী নেতাসকলে বিজেপি সাংসদ গৰাকীক তীব্ৰ সমালোচনা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

উল্লেখনীয় বিষয় যে বিষয় সন্দৰ্ভত কিছু সময়ৰ পিছতে সদনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দূখ প্ৰকাশ কৰি ক্ষমা বিছাৰে।কিন্তু এই ক্ষমাপ্ৰাৰ্থনাই বিৰোধীক নীৰৱ কৰি ৰাখিব নোৱাৰিলে অন্যথা বিৰোধীৰ সকলো নেতাই মিষ্টাৰ বিধুৰীক নিলম্বন বা গ্ৰেপ্তাৰৰ দাবী জনায় ।

সম্প্ৰত্তি”এয়া এক নিৰপেক্ষ লজ্জাজনক বিষয় শাসনাধীষ্ঠ বিজেপি দলটোৰ বাবে ।বিৰোধীৰ সকলোৰে মতে এয়া সংসদক অপমান কৰা বিষয় যি কাৰণত বিধুৰীক নিলম্বনৰ স্পষ্ট দাবী জনায় আৰু বিধুৰীৰ বক্তব্যত প্ৰতিজন ভাৰতীয়ৰ সংসদৰ বাবে অপমান বিষয় হিচাপে গণ্য কৰা উচিত বুলি দাবী জনায় ।

পূৰ্বৰ অধিৱেশনতো তেওঁলোকৰ লোকসভাৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীকো “মন্ত্ৰীক অপমান” কৰাৰ অভিযোগত নিলম্বন কৰা হৈছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments