ডিজিটেল ডেস্ক, ANEWS24X7: বিপদত পৰিছে বিজেপিৰ সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ । অবৈধ ভূমি দখলৰ অভিযোগত চমন জাৰি আদালতৰ। চৰকাৰী ভূমিত অবৈধভাৱে পুথিভঁৰাল নিৰ্মাণ কৰাৰ অভিযোগত দিল্লী আদালতৰ চমন প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদগৰাকীলৈ।
দিল্লীৰ কাৰ্কাৰডুমাৰ ওচৰত চৰকাৰী ভূমিত পুথিভঁৰাল নিৰ্মাণ কৰিছিল সাংসদ গৰাকীয়ে । সেই ভূমি আচলতে দিল্লী এমচিডিৰ। চৰকাৰী ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহৃত হ’বলগীয়া ভূমিত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে অবৈধ বেদখল কৰি পুথিভঁৰাল নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ এই ভূমি বেদখলক অপৰাধমূলক অপৰাধ হিচাপে গণ্য কৰিবলৈ দাবী জনায় আদালতৰ দ্বাৰস্ত হৈছিল । তাৰ পিছতে বুধবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ৷ ১৩ ডিচেম্বৰত সাংসদ গৌতম গম্ভীৰক আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে দিল্লীৰ আদালতে।