Friday, November 8, 2024
Homeঅসমসুপ্রিয়া শ্ৰীনেট, গৌৰৱ গগৈক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে

সুপ্রিয়া শ্ৰীনেট, গৌৰৱ গগৈক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ ৩৯ খন সাংগঠনিক জিলাৰ ৪২৩ টা মণ্ডলতে বিগত কেইবাদিনো ধৰি “গাওঁ চলো” অভিযান গ্ৰহণ কৰি থকা হৈছে। ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি সমগ্ৰ অসমজুৰি চলি থকা এই কাৰ্যসূচীৰ ৯৫ শতাংশ ইতিমধ্যে সম্পূর্ণ হৈছে। আজি দলৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তথা “গাওঁ চলো” অভিযানৰ ৰাজ্যিক আহ্বায়ক জয়ন্ত কুমাৰ দাসে এক সংবাদমেল সম্বোধন কৰি কয়, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ৬০ হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰ সমষ্টিৰ শ্যাম গাঁৱত, ৰাজ্যিক সভাপতি ভবেশ কলিতাই মাজুলীৰ মুদৈ গাঁও আৰু কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে টিংখাং সমষ্টিৰ দিৰৈ চাহ বাগিচাত নৈশ যাপন কৰি “গাঁও চলো” অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। একেদৰে চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়াৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলেও নিজ নিজ দায়িত্বপ্রাপ্ত গাঁৱত নৈশ যাপন কৰি “গাঁও চলো” অভিযানৰ অংশীদাৰ হয়।

এই সময়ছোৱাত প্রতিজন কার্যকর্তাই গাঁওখনৰ প্ৰতিষ্ঠিত ব্যক্তি, আত্মসহায়ক গোট, এন জি অ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী, অন্যান্য সামাজিক আৰু ধর্মীয় অনুষ্ঠানৰ লগত জড়িত ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ কাৰণে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিৰ সম্পৰ্কেও অৱগত কৰে। বৰ্তমানলৈকে ২৫ হাজাৰ বুথত “গাওঁ চলো” অভিযানৰ কাৰ্যসূচী সমাপন হৈছে। এই সময়ছোৱাত প্রায় ৫০ হাজাৰোধিক দলীয় কার্যকর্তাই সক্রিয় অংশগ্রহণ কৰে। দাসে লগতে কয়, যিখিন সময়ত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় ঘাই পথত ন্যায় যাত্রা কৰিছে, তেনে সময়তে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই প্রতিখন গাৱে গাঁৱে উপস্থিত হৈ সৰ্বসাধাৰণ ৰাইজৰ সৈতে সম্পর্ক স্থাপন কৰিছে।

আনহাতে, সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই কয় যে কংগ্রেছ দলৰ এগৰাকী ৰাষ্ট্ৰীয় মুখপাত্রই শেহতীয়াকৈ বিভ্রান্তিকৰ তথ্যৰে অপপ্ৰচাৰ চলোৱা আমাৰ পৰিলক্ষিত হৈছে। বিগত সময়ছোৱাত নাও বুৰিলেও টিঙৰ পৰা ননমাটো কংগ্ৰেছৰ নেতাসকলৰ সোঁচৰা ৰোগত পৰিণত হৈছে। প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অন্যান্য নেতাসকল এই ৰোগত আক্রান্ত আছিল। বর্তমান সয়মত সৰ্বস্তৰৰ নেতাসকলো এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। যিখিনি সময়ত সমাজৰ সৰ্বস্তৰৰ লোকে ভাৰতীয় জনতা পার্টিক আকোঁৱালি হৈছে, সেইখিনি সময়ত গৌৰৱ গগৈয়ে অভিযোগ কৰিছে যে বিজেপি হেনো শংকিত হৈছে।

বৰুৱাই কয়, আমি গৌৰৱ গগৈলৈ প্রশ্ন উত্থাপন কৰিব বিচাৰিছো যিখিনি সময়ত কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী পৰা আৰম্ভ কৰি বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে ধাৰাবাহিকভাৱে পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিছে। সেইখিনি সময়ত বিজেপি নে কংগ্রেছ শংকিত হৈছে? যিসময়ত, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অসমৰ যি প্রান্ততে উপস্থিত হৈছে, সেই প্রান্ততে হাজাৰ হাজাৰ আবাল-বৃদ্ধ বনিতা উপস্থিত হৈ অকুণ্ঠ মৰম-চেনেহ আৰু সমর্থন যাচিছে, তেনে সময়ত বিজেপি নে কংগ্ৰেছহে শংকিত হ’ব? যিখিনি সময়ত কংগ্রেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সে শাসনত অধীষ্ঠিত হোৱা অলীক স্বপ্ন দেখিছিল, তেনে সময়ত ইণ্ডি এলায়েন্সৰ অংশীদাৰ ৰাজনৈতিক দলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী পর্যন্ত ঘোষণা কৰে সেইখিনি সময়ত বিজেপি শংকিত হব নে কংগ্রেছ শংকিত হ’ব?

গৌৰৱ গগৈয়ে এইসমূহ প্ৰশ্নৰ উত্তৰ কিন্তু অসমবাসীক দিব লাগিব। কংগ্ৰেছৰ এনে অবাস্তৱ আৰু ভিত্তিহীন সমালোচনাই ভাৰতীয় জনতা পাৰ্টিৰ উত্থানত কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। মুখ্য মুখপাত্ৰগৰাকীয়ে লগতে কয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্র সুপ্রিয়া শেহতীয়াকৈ বিভ্রান্তিকৰ তথ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰাৰ নামত দুহাজাৰ টকা ঋণ সাত বছৰ পৰ্যন্ত চলাব নোৱাৰিলে বুলি মত অভিযোগ উত্থাপন কৰিছিল। প্ৰকৃততে কংগ্ৰেছীসকলৰ মন মগজু নোটতেই আৱদ্ধ। শেহতীয়াকৈ ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়ক ধীৰাজ চাহুৰ ঘৰত ৩৫০ কোটি টকাৰো নগদ ধন জব্দ হোৱা কাৰ্যই ইয়াকে প্রতিপন্ন কৰিছে।

যিখিনি সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি সমগ্র দেশতেই উন্নয়নৰ জোঁৱাৰ আহিছে সেইখিনি সময়ত কংগ্রেছীসকলে প্ৰধানমন্ত্ৰীক সমালোচনাৰ নামত আকৌ নোটৰেই উদাহৰণ দিছে। কাৰণ নোটতেই তেওঁলোকৰ মন-মগজু আচ্ছন্ন হৈ আছে। সেয়ে অলীক কথা কৈ বিভ্রান্তিকৰ বক্তব্যৰে কংগ্ৰেছ দলে ভাৰতীয় জনতা পার্টিক সমালোচনাৰ নামত যি অপপ্ৰচাৰত লিপ্ত হৈছে, তাৰ পৰা বিৰত থাকিবলৈ কংগ্রেছ নেতাসকলক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে সকীয়াই দিয়ে। আজিৰ সংবাদ মেলত ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল আৰু গাঁও চলো অভিযানৰ সহ আহ্বায়ক বেনুধৰ নাথ উপস্থিত আছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments