ডিজিটেল ডেস্ক, ANEWS24X7: সমাগত গুজৰাট বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনী প্ৰচাৰ তংগত হৈছে শাসক বিৰোধীৰ ৷ গুজৰাট বিধানসভা নিৰ্বাচনত স্থান পাইছে দেশ কঁপোৱা শ্ৰদ্ধা হত্যাকাণ্ডই ৷ গুজৰাট বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনিবলৈ পোৱা গ’ল শ্ৰদ্ধা হত্যাকাণ্ডৰ প্ৰসংগ ৷
গুজৰাটৰ কচ্ছত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ,‘‘ যদি দেশত এগৰাকী শক্তিশালী নেতা নাথাকে তেন্তে আফতাব আমীন পুনাৱালাৰ দৰে ব্যক্তি প্ৰতিখন চহৰত পোৱা যাব ৷ আমি আমাৰ সমাজখন সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হম ৷’’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ,‘‘আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰিব লাগে ৷ ইয়াৰ বাবে গুজৰাটৰ জনতাই বিশেষ ভুমিকা গ্ৰহণ কৰিব লাগে৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ লক্ষ্য ৪০০ খনৰো অধিক আসন জয় লাভ কৰা ৷’’