Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়তামিলনাডুত নামক্কালত ভয়ংকৰ বিস্ফোৰণ

তামিলনাডুত নামক্কালত ভয়ংকৰ বিস্ফোৰণ

ডিজিটেল ডেস্ক, ANEWS24X7: বছৰৰ অন্তিম দিনটোত তামিলনাডুৰ নামক্কালত ভয়ংকৰ বিস্ফোৰণ ৷ শনিবাৰে পুৱা তামিলনাডুৰ নামক্কালৰ এটা ঘৰত হঠাত এটা শক্তিশালী বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ বিস্ফোৰণটোৰ ফলত এগৰাকী বৃদ্ধ মহিলা সহ দুজন লোকৰ মৃত্যু হৈছে ৷ আন ৫ গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছে ৷

বিস্ফোৰণটো কেনেকৈ সংঘটিত হ’ল সেয়া বৰ্তমানেও সঠিকলৈ জানিব পৰা হোৱা নাই ৷ নামক্কাল জিলা আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি নৱবৰ্ষ উদযাপনৰ বাবে এঘৰত বৃহৎ পৰিমাণৰ আতচবাজী জমা কৰি ৰখোৱা হৈছিল ৷ এই আতচবাজীৰ পৰাই এই বিস্ফোৰণ সংঘটিত হৈছে ৷

উল্লেখ্য যে, দেশৰ ৭৫ শতাংশ আতচবাজী তামিলনাডুৰ তিনিটা স্থানত তৈয়াৰ কৰা হয় ৷ তামিলনাডুৰ নামক্কাল , শিৱকাশী আৰু বিৰুধুনগৰত প্ৰস্তুত কৰা হয় ৷ বছৰটোৰ শেষৰ দিনটোত, অঞ্চলটোৱে এনে ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments