ডিজিটেল ডেস্ক, ২৬ডিছেম্বৰ: ইজৰাইলৰ দূতাবাসে নিশ্চিত কৰে যে মঙলবাৰে সন্ধিয়া কনছুলেট ভৱনৰ সমীপত বিস্ফোৰণ সংঘটিত হৈছে। দূতাবাসৰ আঁৰত সংঘটিত হোৱা বিস্ফোৰণ সন্দৰ্ভত দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে খবৰ পোৱাৰ পিছতে এই কথা প্ৰকাশ কৰিছে।
ইজৰাইলৰ দূতাবাসে নিশ্চিত কৰিছে যে মঙলবাৰে সন্ধিয়া কনছুলেট ভৱনৰ সমীপত বিস্ফোৰণ সংঘটিত হৈছে।
দূতাবাসৰ মুখপাত্ৰই কয় যে, “আমি নিশ্চিত কৰিব পাৰো যে প্ৰায় ৫:০৮ (বিয়লি)) দূতাবাসৰ ওচৰতে বিস্ফোৰণ সংঘটিত হৈছে। দিল্লী আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে এতিয়াও পৰিস্থিতিৰ তদন্ত কৰি আছে।’
ৰাষ্ট্ৰীয় ৰাজধানীৰ কূটনৈতিক চুবুৰী চাণক্যপুৰী অঞ্চলত অৱস্থিত দূতাবাসৰ পিছফালে হোৱা বিস্ফোৰণৰ বিষয়ে দিল্লী আৰক্ষীক সতৰ্ক কৰি দিয়া হয়। আজি সন্ধিয়া প্ৰায় ৬ বজাত কোনো অচিনাক্ত ফোন কৰা ব্যক্তিয়ে দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ ফোনত বিস্ফোৰণৰ খবৰ দিয়ে।
ইয়াৰ পিছতে আৰক্ষীৰ এটা বিশেষ কোষৰ দল বোমা স্কোয়াডৰ সৈতে পৰিদৰ্শনৰ বাবে সেই স্থানত উপস্থিত হয়। সেই স্থানত সন্দেহজনক একো পোৱা নগ’ল বুলি দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বীগৰাকীয়ে জানিবলৈ দিয়ে।
বিস্ফোৰণৰ বিষয়ে কোৱাৰ সময়ত এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, শব্দটো “যথেষ্ট ডাঙৰ”। “এইটো সন্ধিয়া ৫ বজাৰ সময়ত ঘটিছিল, মই মোৰ কৰ্তব্যত আছিলো আৰু এটা ডাঙৰ শব্দ শুনিছিলো। ওলাই আহোঁতে গছৰ ওপৰৰ পৰা ধোঁৱা ওলাই থকা দেখিছিলো, এয়াই মাত্ৰ দেখিছিলো..