ডিজিটেল ডেস্ক, anews24x7: গোষ্ঠী সংঘাতে পুনৰ লৈছে ভয়াৱহ ৰূপ৷ এখন গাঁৱত আক্ৰমণ একাংশ বিদ্ৰোহীৰ৷ পশ্চিম ইম্ফল জিলাৰ ফায়েঙত বিদ্ৰোহীৰ গুলীবৰ্ষণ৷ বিদ্ৰোহীৰ গুলীত এজন লোক নিহত, এজন আহত৷ পুনৰ হিংসাই গ্ৰাস কৰিছে সমগ্ৰ মণিপুৰ।
চুড়াচান্দপুৰ আৰু ইম্ফল পূব জিলাকে ধৰি কেবাখনো জিলাত বহু পৰিয়ালৰ ঘৰ–দুৱাৰ দুৰ্বৃত্তই জ্বলাই দিছে। ৰাজ্যখনৰ একাংশ মন্ত্ৰী–বিধায়ককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে দুৰ্বৃত্তই। পূব ইম্ফল জিলাত দুৰ্বৃত্তই লণ্ড–ভণ্ড কৰে মণিপুৰৰ গড়কাপ্তানি মন্ত্ৰীৰ বাসগৃহ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ ৰাজ্যতে ১০ হাজাৰৰো অধিক সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে।
বৰ্তমানলৈকে এই গোষ্ঠী সংঘৰ্ষত কমেও ৭৩জন লোক নিহত হোৱাৰ লগতে আঢ়ৈ শতাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিভিন্ন জিলাত দুই হাজাৰৰো অধিক ঘৰ–দুৱাৰ জ্বলাই দিয়া হৈছে। ৩৫ হাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শান্তি বজাই ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ২৯ মে’ত মণিপুৰ ভ্ৰমণ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ ল’ব বুলি প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে মণিপুৰৰ বিধায়কসকলৰ ওপৰত চাপ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিধায়কসকলক পদত্যাগৰ বাবে হেঁচা দিয়া হৈছে বুলি দাবী কৰিছে ৰাজ্যৰ বিধায়কসকলে। অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে মণিপুৰৰ ১৪জন বিধায়কে গুৱাহাটীত গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰিছিল। ইয়াৰ ভিতৰত আছিল মণিপুৰৰ ৪জন মন্ত্ৰীও। বিজেপিৰ ১০জন বিধায়কৰ লগতে NPP আৰু NPFৰ দুজনকৈ বিধায়কে অমিত শ্বাহক সাক্ষাৎ কৰে। ইপিনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনা মুৰব্বী জেনেৰেল মনোজ পাণ্ডে শনিবাৰে মণিপুৰ ভ্ৰমণ কৰে।
