Thursday, November 7, 2024
Homeঅসমভাৰত ভূটান সীমান্তৰ বগামাটিত পৰ্যটক আৰু বনভোজকাৰীসকলৰ ভীৰ

ভাৰত ভূটান সীমান্তৰ বগামাটিত পৰ্যটক আৰু বনভোজকাৰীসকলৰ ভীৰ

তীৰ্থ শৰ্মা, ভেৰগাওঁ: শীতৰ আগমনৰ লগে লগে ৰাজ্যখনৰ পৰ্যটনথলীসমূহত দেখা গৈছে পৰ্যটক আৰু বনভোজকাৰীসকলৰ ভীৰ৷ বি টি আৰৰ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ভূটানৰ পৰ্যটনস্থলী বগামাটিত বিগত নবেম্বৰ মাহৰ পৰাই পৰ্যটকসকলৰ আগমন ঘটিছে৷

নদী, গছ গছনিৰ অপূৰ্ব প্ৰাকৃতি সৌন্দৰ্যৰে ভৰপূৰ বগামাটিত এতিয়া সকলোকে যেন হাতবাউলি মাটিছে৷ প্ৰতিবছৰে দেশী- বিদেশী পৰ্যটকৰ আগমন ঘটি আহিছে বগামাটিত৷পাহাৰ নদী গছ গছনিৰ অপূৰ্ব সমাহাৰত নান্দনিক হৈ পৰা বগামাটিত থকা অসমৰ আটাইতকৈ উচ্চ বৌদ্ধদেৱৰ প্ৰতিমূত্তি দৰ্শনৰ বাবে হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে৷

যান্ত্ৰিক জীৱনৰ ব্যস্ততা পাহৰি প্ৰকৃতি সৈতে একাত্ম হৈ এখাজ খোৱাৰ বাবে বনভোজকাৰী দলৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিক্ষানুষ্ঠানৰ বিদ্যাৰ্থীসকলৰ আগমন ঘটিছে ৷আৰু বগামাটীৰ বনভোজস্থলীলৈ বগামাটী ইকো টুৰিজিম চোছাইটিয়ে আদৰণি জনোৱাৰ লগতে আজি আনুষ্ঠানিকভাৱে বনভোজকাৰীসকলৰ বাবে বগামাটি মুখ্যদ্বাৰ ৰঙা ফিটা কাটি মুকলি কৰে নালাপাৰা ৰেঞ্জৰ ৰেঞ্জাৰ ৰাজেন বসুমতাৰী।

এই বেলিও যথেষ্ট সংখ্যক পৰ্যটকৰ ভীৰ বাঢ়িছে৷ বগামাটীৰ বনভোজস্থলীত বগামাটী ইকো টুৰিজিম চোছাইটিয়ে সহায় সহযোগিতা কৰিবলৈ সাজু আছে বুলি জানিব দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments