Tuesday, March 10, 2026
Homeঅসমবকো-ছয়গাঁও সমজিলাৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

বকো-ছয়গাঁও সমজিলাৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

কামৰূপ জিলাত পলাশবাৰী সমজিলাৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
বকো-ছয়গাঁও সমজিলাৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

প্ৰশাসনক জনমুখী কৰাৰ দিশত এক বলিষ্ঠ পদক্ষেপ ৰূপে আজি কামৰূপ জিলাত পলাশবাৰী আৰু বকো-ছয়গাঁও সমজিলাৰ শুভ উদ্বোধন কৰা হয়। পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ জিলাৰ পলাশবাৰী সমজিলাৰ শুভ উদ্বোধন কৰে । অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই পলাশবাৰীত সম জিলাৰ কাৰ্যালয় উদ্বোধনৰ বাবে পলাশবাৰীবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কামৰূপ জিলাত আজি দুখনকৈ সমজিলা ক্ৰমে পলাশবাৰী আৰু বকো-ছয়গাঁও সমজিলা উদ্বোধন হোৱাটো জিলাবাসীৰ বাবে সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰে।
পলাশবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় প্ৰাংগনত আয়োজিত অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ উপ-সভানেত্ৰী তনুজা ৰাভা, পলাশবাৰী পৌৰ সভাৰ সভানেত্ৰী ৰীণা দাস কলিতা, ৰামপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মৰমী চৌধুৰী, মা চণ্ডিকা উন্নয়ন খণ্ড আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মল্লিকা মেধি, পলাশবাৰীৰ সমজিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈকে ধৰি বহুকেইগৰাকী গণ্য- মান্য ব্যক্তি উপস্থিত থাকে ।
ইফালে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বকোত বকো-ছয়গাঁও সমজিলাৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে ।
বকো ৰাষ্ট্ৰীয় ঘাইপথ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত স্থানীয় বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, ৰাভা হাছঙ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোনাৰাম ৰাভা, কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, বকো- ছয়গাঁও সমজিলাৰ সমজিলা আয়ুক্ত প্ৰিয়াংশু ভৰদ্বাজকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments