ডিজিটেল ডেস্ক, anews24x7: ২৫ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ই-নিলামৰ জৰিয়তে ৫৬ কোটি টকা আদায়ৰ বাবে দেওবাৰে বেংক অৱ বৰোডাই ছানি দেউলৰ সম্পত্তি ব্লকত ৰাখিছিল।মুম্বাইৰ জুহুত থকা অভিনেতা তথা বিজেপি সাংসদ ছানী দেউলৰ অট্টালিকা নিলামৰ জাননী প্ৰত্যাহাৰ কৰিছে চৰকাৰী বেংক অৱ বৰোদাই ।২০২২ চনৰ ডিচেম্বৰ মাহত বেংক অৱ বৰোদাৰ পৰা ৫৫.৯৯ কোটি টকা ঋণ লোৱাত ডিফল্ট হৈ আছিল গুৰদাসপুৰৰ সাংসদ ছানি দেউল।
বেংক অৱ বৰোডাই আজি এক বিবৃতিত কয় যে, “মিষ্টাৰ অজয় সিং দেউল ওৰফে মিষ্টাৰ ছানি দেউলৰ সন্দৰ্ভত বিক্ৰী নিলামৰ জাননীৰ সন্দৰ্ভত ই-নিলামৰ জাননী সংশোধনী কাৰিকৰী কাৰণত প্ৰত্যাহাৰ কৰা হৈছে।”দেওবাৰে বেংকটোৱে জনাইছিল যে ছানি ভিলা নামেৰে জনাজাত জুহুৰ সম্পত্তিৰ নিলাম ৫১.৪৩ কোটি টকাত আৰম্ভ হ’ব। নিবিদাৰ নূন্যতম পৰিমাণ ৫.১৪ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল।
ইয়াৰ উপৰিও ছানি ভিলা আৰু ছানি চাউণ্ডছ থকা ৫৯৯.৪৪ বৰ্গমিটাৰৰ এই সম্পত্তিটোও নিলাম কৰা হ’ব। ছানি চাউণ্ডছ হৈছে ডিঅ’লছৰ মালিকানাধীন কোম্পানী । ছানী দেউলৰ অভিনেতা-ৰাজনীতিবিদ পিতৃ ধৰ্মেন্দ্ৰ হৈছে ব্যক্তিগত নিশ্চয়তাদাতা ।দেওবাৰৰ জাননীখনত উল্লেখ কৰা হৈছে যে ২০০২ চনৰ ছাৰ্ফেছি আইনখনৰ বিধান অনুসৰি নিলাম অনুষ্ঠিত নহ’বলৈ ডেওল পৰিয়ালে এতিয়াও বেংকৰ সৈতে বাকী থকা ঋণ পৰিশোধ কৰিব পাৰিব।
বেংকৰ জাননীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছে সোমবাৰকে প্ৰশ্ন কৰে যে কোনে এই ধন উলিওৱাৰ “কাৰিকৰী কাৰণ”ৰ সূচনা কৰিছিল ?সকলোৱে গম পোৱা মতে কালি বিয়লি বেংক অৱ বৰোদাই বিজেপিৰ সাংসদ ছানী দেউলৰ জুহুৰ বাসগৃহ ই-নিলামৰ বাবে ৰাখিছিল কিম্ত্ত তেওঁ বেংকৰ ওচৰত ঋণী ৫৬ কোটি টকা পৰিশোধ কৰা নাই।সোমবাৰে পুৱা ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে, সকলোৱে জানিব পাৰিছে যে বেংক অৱ বৰোদাই ‘কাৰিকৰী কাৰণ’ৰ বাবে নিলামৰ জাননী প্ৰত্যাহাৰ কৰিছে।বিষয় সন্দৰ্ভত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ জাঙুৰ খাই পৰা দেখিবলৈ পোৱা যায় ।