ডিজিটেল ডেস্ক, ANEWS24X7: পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বাসগৃহৰ কাষৰ পৰা বোমা উদ্ধাাৰ ৷ সোমবাৰে চণ্ডিগড়স্থিত ভগৱন্তৰ বাসগৃহৰ কাষৰ পৰা এটা বোমাটো উদ্ধাৰ কৰা হয় ৷ বোমাটো উদ্ধাৰ কৰা সময়ত বাসগৃহত নাছিল মুখ্যমন্ত্ৰী ভগৱন্ত মান৷
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি চণ্ডিগড়ত থকা পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ৫০০ মিটাৰ দূৰত থকা হেলিপেডৰ ওচৰত এটা সন্দেহজনক বস্তু প্ৰত্যক্ষ কৰিছিল ৷ ঘটনাস্থলীত বোমা স্কোয়াড উপস্থিত হৈ সন্দেহজনক বস্তুটোক বোমা হিচাপে চিনাক্ত কৰে ৷
ইয়াৰ পিছতে, সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ ভাৰতীয় সেনাৰ পশ্চিম কামাণ্ডেও এই ঘটনাৰ অনুসন্ধান কৰিছে ৷ চণ্ডিগড় প্ৰশাসনৰ নোডেল বিষয়া কুলদীপ কোহলীয়ে ঘটনা সন্দৰ্ভত কয় যে , “আমি তথ্য পাইছো যে মুখ্যমন্ত্ৰীৰ ঘৰৰ ওচৰত এটা সন্দেহজনক বস্তু পোৱা গৈছে। আমি ইয়াক পৰীক্ষা কৰিছিলো আৰু দেখিছিলো যে এইটো এটা নতুন বোমা আছিল। আমি ইয়াক উদ্ধাৰ কৰিছো আৰু এটা তদন্ত আৰম্ভ কৰিছো।”
