ডিজিটেল ডেস্ক, ANEWS24x7: উচ্চ শিক্ষিত নিবনুৱা সকলৰ বাবে এটা ভাল খবৰ ৷ বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াত মুকলি কৰা হৈছে কেইবাটাও পদ ৷ ৩৩ টা জুনিয়ৰ ৰিছাৰ্চ ফেলো পদৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে ৷ মুকলি হোৱা এই জুনিয়ৰ ৰিছাৰ্চ ফেলো পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিভাগত ৫৫ শতাংশ নম্বৰ সহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লগিব ৷
এই পদত নিৰ্বাচিত প্ৰাৰ্থী সকলক প্ৰথম দুটা বছৰত মাহে ৩১,০০০ টকা আৰু তৃতীয় বছৰৰ পৰা মাহে ৩৫,০০০ টকা ফেলোশ্বিপ প্ৰদান কৰা হ’ব ৷ প্ৰাৰ্থীৰ বয়স ২৮ বছৰৰ ভিতৰত হ’ব লাগিব ৷ অৱশ্যে অনুসূচীত জাতি , অনুসূচীত জনজাতি , পিডব্লিউডি আৰু মহিলা প্ৰাৰ্থীৰ বয়সৰ ক্ষেত্ৰত ৫ বছৰ ৰেহাই প্ৰদান কৰা হ’ব আৰু অবিচি প্ৰাৰ্থীৰ বয়সৰ ক্ষেত্ৰত ৩ বছৰ ৰেহাই প্ৰদান কৰা হ’ব ৷
নিৰ্বাচিত প্ৰাৰ্থী সকলক ইটানগৰ , শ্বিলং , গেংটক , হাওৰা , কলিকতা , এলাহাবাদ , নয়ডা , ডেৰাদুন ,যোধপুৰ ,পুনে ,হায়দৰাবাদ , পৰ্ট ব্লেয়াৰ , কোয়েম্বাটুৰ , ছোলানত থকা বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ কাৰ্যালয়ত নিযুক্তি প্ৰদান কৰা হ’ব ৷
প্ৰাৰ্থী সকলে ৪০০ টকা আৱেদন মাচুল প্ৰদান কৰিব লাগিব ৷ অবিচি প্ৰাৰ্থী সকলে ২০০ টকা আৰু অনুসূচীত জাতি , অনুসূচীত জনজাতি প্ৰাৰ্থী সকলে ১০০ টকা মাচুল প্ৰদান কৰিব লাগিব ৷ অধিক তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে বটানিকেল চাৰ্ভে অৱ ইণ্ডিয়া বিভাগীয় ৱেবছাইট www.bsijrfrecruitment.com ত লগ ইন কৰিব পাৰিব আৰু অনলাইন আবেদন প্ৰত্ৰ জমা কৰিব পাৰিব ৷