Saturday, March 14, 2026
Homeঅসম২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে বিটিচিৰ বিপিএফে

২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে বিটিচিৰ বিপিএফে

বাক্সাৰ বৰমা কদমতলত বিপিএফৰ বৃহৎ গণ সমাৱেশ ।

বিপিএফ দলৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ সহযোগত আজি বৰমাৰ কদমতলত অনুষ্ঠিত হয় বৃহৎ গণ সমাবেশ ।

২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ টঙালি বান্ধিছে বিটিচিৰ বিপিএফে ।

বাক্সা জিলাৰ কদমতলত বিপিএফ আৰু বিজেপি দলৰ উদ্যোগত বিশাল গণ সমাৱেশত অংশ লয় প্ৰায় ২০ হাজাৰৰো অধিক লোকে ।

সভা উদ্বোধন কৰে যুৱ বিপিএফৰ সভাপতি ৰিঞ্জয় বড়োৱে ,এই বিশাল জনসমাবেশত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী,অসম প্ৰদেশ বিজেপিৰ পল্লৱলোচন দাস,প্ৰাক্তন মন্ত্ৰী তথা এমচিএলএ ৰেখাৰানী দাস বড়োৰ লগতে বিপিএফ আৰু বিজেপি দলৰ বহুসংখ্যক নেতাই।

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ বদ্ধপৰিকৰ বিপিএফ । ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয় যে বৰ্তমান বিটিচিত আছে ২৫০ কৌটি টকা, এই টকাৰে সকলো উন্নয়ন সম্ভৱ নহয় ।

নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বিপিএফে । ওদালগুৰিত কম সময়ৰ ভিতৰতে মিনি সচিবালয়ৰ লগতে বাক্সাত কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ওদালগুৰিত ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব ।

এবছুৰ সভাপতি দ্বীপেন বড়োৱে মহাজ্ঞানী দেখুৱাই ছাত্ৰ ছাত্ৰীক আন্দোলনমুখী কৰি তুলিছে । ভাষণত দ্বীপেন বড়োক তীব্ৰ কটাক্ষ হাগ্ৰামা মহিলাৰীৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments