Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ব্ৰিটেইনৰ ৰজাৰ নাম

শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ব্ৰিটেইনৰ ৰজাৰ নাম

ডিজিটেল ডেস্ক ANEWS24X7: শনিবাৰে আনুষ্ঠানিকভাবে ঘোষণা কৰা হ’ল ব্ৰিটেইনৰ ৰজাৰ নাম ৷ ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ চাৰ্লছ তৃতীয়ৰ ব্ৰিটেইনৰ ৰজা হোৱাটো একপ্ৰকাৰৰ নিশ্চিত হৈ আছিল ৷

কেৱল মাত্ৰ বাকী আছিল আনুষ্ঠানিকতা ৷ শনিবাৰে লণ্ডনৰ ৰাজকীয় বাসগৃহ ছেইণ্ট জেমছ পেলেচত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ ৰাজকীয় বৈঠকৰ পাছতে তৃতীয় চাৰ্লছক আনুষ্ঠানিকভাৱে ৰজা ঘোষণা কৰা হয় ৷

উল্লেখ্য যে দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে যুক্তৰাজ্য আৰু অন্যান্য কমনৱেলথ ৰাজ্যৰ সমূহৰ নতুন শাসক সিচাপে কিছুমান অস্বাভাৱিক অধিকাৰ থাকিব ৷ ইয়াৰ ভিতৰত আছে পাছপোৰ্ট অবিহনে ভ্ৰমণ কৰিব পৰা ক্ষমতা , অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱা আৰু ইংলেণ্ডৰ সকলো ৰাজহাঁহৰ গৰাকী হ’ব ।লগত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক আনুষ্ঠানিক নিযুক্তি প্ৰদানৰ ক্ষমতা লাভ কৰিব ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments