ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰত-পাক সীমান্তত পুনৰ ড্ৰোণলৈ লক্ষ্য কৰি গুলীবৰ্ষণ ৷ দেওবাৰে পাঞ্জাৱৰ তৰ্ণ তাৰণ জিলাত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত চলাই জব্দ কৰে ড্ৰোনখন ৷ ড্ৰোনখনৰ পৰা আৰক্ষীয়ে তিনি কিলোগ্ৰাম হেৰইন উদ্ধাৰ কৰিছে ৷
পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে সদৰী কৰে এই কথা ৷ যাদৱে কয় যে ,‘‘তৰ্ণ তাৰণ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তৰ সিপাৰৰ চোৰাং ব্যৱসায় প্ৰতিহত কৰিবলৈ এক যুটীয়া অভিযান আৰম্ভ কৰিছিল ৷ ভালতোহা আৰক্ষী থানা এলেকাত তালাচীৰ সময়ত ৩ কিলোগ্ৰাম হেৰইন থকা এটা কোৱাডকপ্টাৰ ড্ৰোন জব্দ কৰে ৷’’
উল্লেখ্য যে , বিগত কিছুদিন ধৰি পাকিস্তানৰ পৰা ড্ৰোনৰ জৰিয়তে অস্ত্ৰ-সস্ত্ৰৰ লগতে মাদক দ্ৰব্য ভাৰতলৈ প্ৰেৰণ কৰি আহিছে ৷ বিএছএফে বিভিন্ন সময়ত কেইবাখনো ড্ৰোন ধ্বংস কৰিছে ৷ এনে পৰিস্থিতিত বিএছএফে পাকিস্তান সীমান্তত ৫৫০০ চিচিটিভি কেমেৰা স্থাপন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
