Saturday, July 5, 2025
Homeবাণিজ্যআম্বানীৰ JIOক প্ৰত্যাহ্বান টাটাৰ

আম্বানীৰ JIOক প্ৰত্যাহ্বান টাটাৰ

ডিজিটেল ডেস্ক, ১৭জুলাইঃ ৰিচাৰ্জৰ মূল্যবৃদ্ধিৰ পিছতেই দেশত BSNLৰ উত্থান । JIO,AIRTEL,Vi এৰি BSNLলৈ ঢাপলি লাখ লাখ লোকৰ ।এতিয়া লাখ লাখ জনতাই আদৰিছে BSNLসেৱা। JIO,AIRTEL,VODAFONE ক প্ৰত্যাহ্বান জনাই BSNL ৰ নতুন 4G সেৱা । BSNLক এই ক্ষেত্ৰত সহায় কৰিছে ৰতন টাটাই । উল্লেখ্য যে, BSNL আৰু টাটা গ্ৰুপৰ মাজত ১৫ হাজাৰ টকাৰ চুক্তি কৰা হৈছে । দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া BSNLৰ টাৱাৰ স্থাপন কৰা হ’ব ।

সমগ্ৰ দেশতে BSNLয়ে 4G সেৱা যোগান ধৰিব । BSNLয়ে অসমতো প্ৰায় ৩ হাজাৰ BSNL টাৱাৰ স্থাপন কৰিব বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ 5G সেৱাৰ বাবেও সাজু হৈছে BSNL । সমগ্ৰ দেশতে অসমতো BSNL ৰ কাষ্টমাৰ কেয়াৰ চেণ্টাৰত ভিৰ কৰিছে জনতাই । বৰ্তমান ৯ হাজাৰতকৈ অধিক 4G টাৱাৰ লগাইছে BSNLয়ে। BSNL আৰু টাটাই অতি শীঘ্ৰেই টাৱাৰসমূহ এক লাখ কৰাৰ লক্ষ্য় বান্ধি লৈছে । BSNL ৰ নেটৱৰ্ক নোপোৱা বহু স্থানত শীঘ্ৰে উপলব্ধ হ’ব BSNLৰ নেটৱৰ্ক । উল্লেখ্য যে, আন নেটৱৰ্ক ত কৈ কম দামতে পোৱা যায় BSNLৰ ৰিচাৰ্জ প্লেন । JIO,AIRTEL আৰু VODAFONE এ শেহতীয়াকৈ বৃদ্ধি কৰিছিল ৰিচাৰ্ছৰ মুল্য । তাৰ পিছতেই কোটি কোটি জনতাইBSNL লৈ পৰ্ট কৰিছে । যাৰ বাবে গ্ৰাহক সকলৰ মাজত ৰিচাৰ্জৰ মূল্য বৃদ্ধিক লৈ হাহাকাৰ লাগিছিল । বৰ্তমান কোটি কোটি লোকে JIO,AIRTEL আৰু VODAFONE এৰি BSNL সেৱালৈ ঢাপলি মেলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments