Tuesday, March 10, 2026
Homeঅসমহাগ্ৰামাই ঘোষনা কৰিলে ২২টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা

হাগ্ৰামাই ঘোষনা কৰিলে ২২টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা

বাক্সাৰ দাওধাৰাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সংবাদমেল। কৰ্ণধাৰ সমিতিৰ বৈঠকৰ পিচতে হাগ্ৰামাই ঘোষনা কৰিলে ২২টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। সমাগত পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষনা কৰে বিপিএফ দলৰ সভাপতি গৰাকীয়ে।

ঘোষনা অনুসৰি পৰ্তজোৰাত মুন মুন ব্ৰহ্ম, গুমাত ইন্তাজ আলি, শ্ৰীৰামপুৰত মুক্লেশ্বৰ আহমেদ, চৰাইবিলত মৃত্যুঞ্জয় নাৰ্জাৰী, জমদুৱাৰত উইলিয়াম নাৰ্জাৰী, দেবৰগাওত হাগ্ৰামা মহিলাৰী, দতমাত প্ৰকাশ বসুমতাৰী, কচুগাওত ৰবিৰাম নাৰ্জাৰী, বাওখুংগ্ৰীত ধনেশ্বৰ গৌৰী, চালাকাটিত দেৰহাচাত বসুমতাৰী, নিচিমাত জেমচ বসুমতাৰী, কাজলগাওত পানীৰাম ব্ৰহ্ম, চিৰাঙত শুকুৰসিং মুছাহাৰী, চবাইজাৰত ধীৰাজ বৰগয়াৰী, মঠনগুৰিত বেগম আখটাৰা আহমেদ, দিহিৰাত আগষ্টুচ টিগ্গা, দৰংগাজুলিত ইমানুৱেল মুছাহাৰী, গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, শুক্লাই চেৰফাঙত গনেশ কছাৰী, খৈৰাবাৰীত লৌমস্ৰাও দৈমাৰী, ধনশিৰিত ফ্ৰেচ মুছাহাৰী আৰু ভৈৰৱকুণ্ডত ৰিহন দৈমাৰী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments