বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ৷হাগ্ৰামা মহিলাৰী দুয়োটা সমষ্টিত পৰাজয় হোৱাটো নিশ্চিত ৷হাগ্ৰামা মহিলাৰীক প্ৰত্যহ্বান জনোৱা বাবে নিৰ্বাচনী প্ৰচাৰত উৰা জাহাজত উঠা নাই সময় ৰাহি কৰাৰ বাবে নিৰ্বাচনী প্ৰচাৰত উৰা জাহাজ ব্যৱহাৰ কৰিছো ৷
পুনৰ বিটিচত চৰকাৰৰ গঠন কৰিব দাবী কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷আমি বিৰোধী দলক লৈ শংকিত নহয় পূৰ্বৰ বোমা বাৰুদৰ দিন নাই এতিয়া শান্তিৰ দিন আহিছে বুলি প্ৰমোদ বড়োৰ মন্তব্য ৷হাগ্ৰামা মহিলাৰীৰ দৰে আমাক সম্পত্তি নালাগে পৃথিৱীত কেৱল দুদিনৰ বাবে আহিছো ৰাইজৰ কাম কৰি যাব পাৰিলে হ’ল বুলি প্ৰমোদ বড়োৰ মন্তব্য ৷
হাগ্ৰামা মহিলাৰী দাতঁ নহোৱা বাঘ,যাদুৰ লাঠি ভাঙি গৈছে বুলি প্ৰমোদ বড়োৱে কটাক্ষ কৰে ৷ বিটিচি নিৰ্বাচনত প্ৰচাৰ অভিযানত 20 দিনে চলিব উৰা-জাহাজ৷ প্ৰমোদ বড়োৱে অকলে নুঠে’ ইউপিপিএল দলৰ মন্ত্ৰী’ সাংসদ উঠিব উৰাজাহজত নিৰ্বাচনী প্ৰচাৰত ৷বাক্সাৰ অদালবাৰীত দলীয় সভাত উপস্থিত থাকি এই মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷
